ETV Bharat / state

লক ডাউনঃ বিনাকাৰণত ৰাজপথত ওলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী - Lock down assam scanerio assam etv bharat news

Lock down assam scanerio
নিৰ্দেশ উলংঘাকাৰীক শাস্তি
author img

By

Published : Mar 25, 2020, 5:48 PM IST

Updated : Mar 25, 2020, 6:11 PM IST

18:03 March 25

গোলাঘাটত লাঠীচাৰ্জ আৰক্ষীৰ

লাঠীচাৰ্জ আৰক্ষীৰ

গোলাঘাট,25 মাৰ্চঃ লক ডাউন ঘোষণাৰ পিছত জনশূন্য হৈ পৰিছে গোলাঘাট নুমলীগড়ৰ ৰাজপথ ৷ সকলোৱে নিজ ঘৰত আৱদ্ধ হৈ আছে যদিয়ো বিভিন্ন অজুহাত দেখুৱাই একাংশ ওলাই আহিছে ৰাজপথলৈ ৷ যাৰ বাবে কঠোৰ হৈছে নুমলীগড় আৰক্ষী আৰু বাধ্য হৈ পৰিছে লাঠীচাৰ্জ কৰিবলৈ ৷ জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশ কোকিলা গগৈয়ে আইন উলংঘা কৰা সকলৰ ওপৰত কঠোৰ পদক্ষেপ ল’ব বুলি ব্যক্ত কৰে ৷

17:56 March 25

আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ নগাওঁ আৰক্ষী

চামগুৰি আৰক্ষীৰ বিশেষ ব্য়ৱস্থা

নগাঁও,25 মাৰ্চঃ লক ডাউনৰ সময়ত নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাওঁ আৰক্ষী । বিনাকাৰণত ৰাজপথলৈ ওলাই অহা প্ৰতিজনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে উচিত শিক্ষাৰ ব্যৱস্থা । জিলাখনৰ চামগুৰিত আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে ৰেহাই দিয়ে কাণ্ডজ্ঞানহীন একাংশক । কেইবাজনো নিয়মভংগকাৰীক "মই দায়িত্বহীন মূৰ্খ" বুলি ফলক লগাই আৰক্ষীয়ে লাজ দিয়া পৰিলক্ষিত হয় ৷

16:40 March 25

নিৰ্দেশ উলংঘাকাৰীক শাস্তি দক্ষিণ কামৰূপত

নিৰ্দেশ উলংঘাকাৰীক শাস্তি

আজাৰা,25 মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা লক ডাউনৰ নিৰ্দেশ নামানি ৰাজ্য়ৰ ভিন্ন প্ৰান্তত লটিঘটি হৈছে বহুজনৰ ৷ দক্ষিণ কামৰূপৰ বঙৰাত এই নিৰ্দেশ অমান্য কৰাসকলৰ বিপৰীতে কঠোৰ হ’ল আৰক্ষী ৷ নিৰ্দেশ ভংগকাৰী এজন যুৱকক ৰাজপথত আঁঠু কৰাই শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ৷

Last Updated : Mar 25, 2020, 6:11 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.