কমলপুৰ 31মাৰ্চ: দেশত কৰ’ণা ভাইৰাছে সংহাৰি ৰূপ ধাৰণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা ল’ক ডাউন এতিয়া একাংশই মানি লোৱা নাই কমলপুৰত । কমলপুৰ থানাৰ অন্তৰ্গত ধনুকা গাৱত ল’ক ডাউনৰ মাজতে গাঁওখনৰ বড়ো জনজাতিৰ লোকসকলে চুলাই মদ প্ৰস্তুত কৰি বিক্ৰী কৰি থকাৰ অভিযোগ পাই কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাস আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাই গাঁওখনত যৌথ ভাৱে অভিযান চলাই ।
আৰক্ষীৰ অভিযান কালত গাঁওখনৰ বহু কেইটা পৰিয়ালত চুলাই মদ বনাবৰ বাবে প্ৰস্তুত কৰি ৰখা বহু সামগ্ৰীৰ লগতে বহু পৰিমাণৰ চুলাই মদ জব্দ কৰে । বিভিন্ন পক্ষৰ পৰা অহা অভিযোগৰ ভিত্তিত স্থানীয় প্ৰশাসনে অতৰ্কিতে অভিযান চলাই চুলাই মদৰ ঘাটিসমূহ উৎখাত কৰে ৷ ইপিনে নিশাৰ ভাগত হঠাৎ কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ড° বেদাংগ তালুকদাৰ। কৰ’ণাক লৈ চিকিৎসালয়খনৰ প্ৰস্তুতি কেনেকুৱা তাৰ বুজ লয় মহকুমাধিপতি গৰাকীয়ে ।
লগতে পঢক : গড়মূৰত আৰ্থিকভাৱে দুৰ্বল লোকক সহায়ৰ হাত 'আইডল' স্বেচ্ছাসেৱী সংস্থাৰ