ৰঙিয়া, 25 আগষ্টঃ ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ কাৰ্যসূচী । এবছৰ পূৰ্বে এজন ঠিকাদাৰে কোনো কাৰণ নোহোৱাকৈ নিশাৰ ভিতৰতে পথটো ভাঙি দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । গড়কাপ্তানী বিভাগেও এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি উল্লেখ কৰে । পথটো ভাঙি দিয়াৰ এবছৰ পাৰ হোৱাৰ পাচতো আজিকোপতি পথটোত নপৰিল শিল-বালি । যাৰ বাবে মঙলবাৰে শতাধিক ৰাইজে পথৰ ওপৰত বাহ বান্ধি পথ অৱৰোধ কাৰ্যাসূচী ৰূপায়ণ কৰে ।
লগতে বিজেপি চৰকাৰ হায় হায়, গড়কাপ্তানী বিভাগ মুৰ্দাবাদ, জৰাজীৰ্ণ পথ শীঘ্ৰে মেৰামতি কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে । আনহাতে, পথ অৱৰোধৰ সময়ত আৱদ্ধ হৈ পৰে শতাধিক যান-বাহন । উল্লেখ্য যে, পথটো বিধ্বস্ত হোৱাৰ পিছত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে । বৰষুণ দিলে পথটোত পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ উপৰিও নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে । বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ পথটো মেৰামতিৰ বাবে আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত মেৰামতি হোৱা নাই পথটো । এইক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ।