ETV Bharat / state

কুকুৰমাৰাত ধাবাৰ পৰা জব্দ অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা

অসমৰ পৰা নিচাজাতীয় সামগ্ৰীৰ অবৈধ ঘাটি নিৰ্মূল কৰিবলৈ নাচোৰবান্দা মুখ্যমন্ত্ৰী, সষ্টম অসম আৰক্ষী ৷ কিন্তু ইমান তৎপৰতাৰ পিছতো ৰাজ্যত কেনেকৈ চলিছে নিচাজাতীয় সামগ্ৰীৰ ক’লা ব্যৱসায় ! ই যেন উত্তৰবিহীন এক প্ৰশ্ন ৷

author img

By

Published : Aug 10, 2021, 10:48 PM IST

As_slug_kmrp_chgn_832_10_august_illegal_wine_seized_one_arrest
কুকুৰমাৰাত ধাবাৰ পৰা জব্দ অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা

ছয়গাঁও, 10 আগষ্ট : অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ নাচোৰবান্দা মুখ্যমন্ত্ৰী ৷ তৎপৰ অসম আৰক্ষীয়ো ৷ কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যৰ প্ৰতি প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী ৷ মঙলবাৰে ছয়গাঁৱৰ কুকুৰমাৰাতো আৰক্ষীয়ে জব্দ কৰিছে 122 টা বিলাতী সুৰাৰ বটল ৷

কুকুৰমাৰাৰ ডলফিন নামৰ ধাবাখনৰ পৰা জব্দ কৰা হৈছে অবৈধভাৱে ৰাখি থোৱা এই সুৰাৰ বটলসমূহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰা ধাবাখনত অবৈধভাৱে বিক্ৰী কৰা হৈছিল বিলাতী সুৰা ৷ আবকাৰী বিভাগৰ সৈতে গোপন বুজাবুজিৰে দিনৰ পোহৰতেই ধাবাখনত বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থান হৈছিল ৷

কেৱল এই ধাবাখনেই নহয় কুকুৰমাৰীৰ আন কেইবাখনো দোকানত আবকাৰী বিভাগৰ জ্ঞাতসাৰেই সুৰাৰ অবৈধ ব্যৱসায় চোলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই অভিযোগৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷

As_slug_kmrp_chgn_832_10_august_illegal_wine_seized_one_arrest
গ্ৰেপ্তাৰ ধাবাৰ কৰ্মচাৰী

লগতে পঢ়ক : ড্ৰাগছৰ বেহাত জড়িত এবিএমছুৰ সম্পাদক আৰক্ষীৰ জালত

অভিযানকাৰী দলটোৱে অবৈধভাৱে মজুত ৰখা সুৰাখিনি জব্দ কৰাৰ লগতে মণ্টু দাস নামৰ এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰে ৷ কিন্তু অভিযানকাৰী দলটো উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে ধাবাখনৰ স্বত্বাধিকাৰী তপন কলিতা ৷ উল্লেখ্য যে, আবকাৰী বিভাগৰ বিপৰীতে কুকুৰমাৰাত প্ৰায়েই ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষীয়ে জব্দ কৰি আহিছে অবৈধ সুৰা ৷

ফলত এয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে যে অঞ্চলটোত আবকাৰী বিভাগৰ অনুমতিতেই একাংশ লোকে মুকলিকৈয়ে চলাইছে সুৰাৰ ব্যৱসায় ৷

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক পৰা নিচাজাতীয় সামগ্ৰী নিৰ্মূল কৰিবলৈ সংকল্পবদ্ধ হৈছিল ৷ কিছুদিন পূৰ্বে এই অভিযানক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কেইবাখনো জিলাত ড্ৰাগছ দহন কাৰ্যসূচীতো অংশ লৈছিল ৷ কিন্তু অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ তীক্ষ্ণ দৃষ্টিৰ মাজতো একাংশ মাফিয়াই নিৰ্বিঘ্নে চলাই গৈছে নিজৰ ক’লা ব্যৱসায় ৷

এই ছবিয়ে যেন ইয়াকে সূচাইছে ‘অসম ক্ৰমাৎ হৈ পৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ ঘাটি’ ৷ এই ক্ষেত্ৰত চৰকাৰ, আৰক্ষীৰ লগতে সাধাৰণ ৰাইজো আৰু অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা বৰ্তমানে আহি পৰিছে ৷

লগতে পঢ়ক: ড্ৰাগছ বিক্ৰী কৰি আৰক্ষীৰ জালত স্বামী-স্ত্রী আৰু খুলশালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.