ৰঙিয়া, 13 অক্টোবৰঃ যোৱা শুক্ৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ অন্য পাঁচখন মুখ্য চহৰত মুক্তি লাভ কৰা বহুপ্ৰত্যাশিত অসমীয়া বোলছবি ৰত্নাকৰৰ জ্বৰ ৰাইজৰ মাজত ব্যাপকভাৱে বিয়পি যোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ সকলো চিত্ৰগৃহৰ আটাইকেইটা দৰ্শনীত ৰাইজৰ ব্যাপক সঁহাৰিৰ মাজত হাউচফুল হৈ পৰাৰ সময়তেই ৰঙিয়াত দৰ্শক ৰাইজৰ মাজত উপস্থিত হ'ল ৰত্নাকৰ ; অৰ্থাৎ ছবিখনৰ মুখ্য অভিনেতা যতীন বৰা ৷ ৰঙিয়াৰ ডিলাইট গ'ল্ডৰ চিনেমা হলৰ প্ৰথম দৰ্শনী শেষ হোৱাৰ লগে লগে ৰত্নাকৰৰ মুখ্য অভিনেতা যতীন বৰা দৰ্শকৰ মাজত উপস্থিত হয়। অভিনেতাগৰাকীৰ সৈতে একেলগে আহিল কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য আৰু মুখ্য চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী। নিজৰ প্ৰিয় অভিনেতাজনক কাষতে পায় অনুৰাগীয়ে ছেল্ফি উঠিবলৈ হেতা-ওপৰা লগায় । শুভাকাঙ্খীসকলৰ মৰম তথা স্নেহক শ্ৰদ্ধা জনায় অভিনেতাগৰাকীকও কেমেৰাৰ ছেলফি্ত প'জ দিয়া পৰিলক্ষিত হয় ৷ উৎসাহিত দৰ্শকে যতীন বৰাৰ জয়, ৰত্নাকৰৰ জয়ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। দৰ্শক ৰাইজৰ উৎসাহত মুগ্ধ হৈ যতীন বৰাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আগলৈ আৰু উন্নত মানদণ্ডৰ ছবি উপহাৰ দিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে ৰত্নাকৰে ৰাজ্যৰ বাহিৰতো বেংগালুৰু, নতুন দিল্লী, হায়দৰাবাদৰ দৰে চহৰত দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা বুলি জানিবলৈ দিয়ে ৷
আৰু পঢ়ক