ETV Bharat / state

ৰঙিয়াত তুলসীবাৰীত জব্দ নকল টকা সহ বৃহৎ পৰিমাণৰ ভাং

author img

By

Published : Jun 21, 2021, 2:43 PM IST

ৰঙিয়াত তুলসীবাৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰমাণৰ ভাং, নকল টকা সহ এজনক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে । অভিযানত অঞ্চলটোৰ এগৰাকী মুৰ্গী ব্যৱসায়ীৰ ঘৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ টকাৰ নকল টকা আৰু প্ৰায় ৭ কেজি ভাং জব্দ কৰে আৰক্ষীয়ে ৷

ganja and fake note seized in Rangia
ৰঙিয়াত তুলসীবাৰীত জব্দ নকল টকা সহ বৃহৎ পৰিমাণৰ ভাং

ৰঙিয়া, 21 জুন : নতুন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা আৰক্ষীয়ে ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ৷ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ সমান্তৰালকৈ ৰঙিয়াতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷

ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়াত তুলসীবাৰীত এজন গাঞ্জা ব্যৱসায়ীসহ জব্দ কৰিছে বৃহৎ পৰিমাণৰ নকল টকা আৰু ভাং ৷ জানিব পৰা মতে, আটকাধীন লোকজন জড়িত আছিল মুৰ্গীৰ ব্যৱসায়তো ৷

পিচত সূত্ৰৰ খবৰৰ ভিত্তিত এই মুৰ্গী ব্যৱসায়ীজনৰ ঘৰত তালাচী চলাই লোকজনৰ ঘৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ টকাৰ নকল ধন আৰু প্ৰায় ৭ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আটক কৰা নুৰজামাল আলী নামৰ লোকজন কলা ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ লগতে নুৰজামাল আলীয়ে দীৰ্ঘদিনে ভাং আৰু নকল টকাৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান নুৰজামাল আলীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কাৰ্বি আংলং জিলাতো আৰক্ষী কঠোৰ অভিযান অব্যাহত আছে ৷ জিলা আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা ২১ কি:গ্ৰা: ভাং সহ বিহাৰৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ মন্তব্যৰ পাচৰে পৰা আৰক্ষীয়ে ৰাজ্যত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে এতিয়া অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : মাঞ্জাত গাঞ্জা জব্দ: আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.