গুৱাহাটী , 7 মে' : উত্তৰ গুৱাহাটীত ভূমি কেন্দ্ৰিক বিবাদ ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উত্তৰ গুৱাহাটী গৌৰীপুৰত ৷ গৌৰীপুৰ গাঁৱৰ 120/121/123নং দাগ আৰু 27 নং পট্টাৰ ভূমি বেদখল কৰাৰ অভিযোগ মনোজ কুমাৰ আগৰৱালা আৰু সৰোজ আগৰৱালাৰ৷
ভূমি বেদখল হোৱাৰ অভিযোগ তুলি উত্তৰ গুৱাহাটী আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ । অৰূপ গগৈ নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে জোৰ জুলুম কৰি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক :খুমটাইত পথ দুৰ্ঘটনাত আহত 4
আনহাতে অৰূপ গগৈয়ে উক্ত দাগ পট্টাৰ ভূমিখিনি তেওঁলোকৰ পৰিয়ালৰ বুলি দাবী কৰে । ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অৰূপ গগৈৰ দাবী-জালিয়াতিৰে খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে বণিয়া গোষ্ঠীয়ে ।জালিয়াতিৰে ব্যৱসায়ীগোষ্ঠীটোৱে মাটি দখল কৰাৰ অভিযোগ কৰিছে অৰূপ গগৈয়ে৷