ETV Bharat / state

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

author img

By

Published : Sep 10, 2019, 4:18 PM IST

ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপল মিল'ৰ কেবাজনো শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি ৷ সুদীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে বস্ত্ৰ উদ্যোগটো ৷

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

ৰঙিয়া,10 ছেপ্টেম্বৰঃ মঙলবাৰে ৰঙিয়াৰ তুলসীবাৰিস্থিত ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ 'এপল মিল'ৰ কেবাজনো শ্ৰমিকে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰে ৷ বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি উদ্যোগটোৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে ধৰ্ণা দিয়ে ৷ তেওঁলোকৰ দাবী অনুসৰি যদিহে বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত অনতিপলমে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়,তেতিয়াহলে কেবাজনো শ্ৰমিকে আত্মহত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰে ৷

এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

উল্লেখ্য যে এসময়ত মিলটোৰ উৎপাদিত সামগ্ৰী সমূহে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সুদীৰ্ঘ সময় ধৰি বস্ত্ৰ উদ্যোগটো বন্ধ হৈ থকাৰ বাবে মিলটোৰ লগত জড়িত পৰিয়ালবোৰৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উদ্যোগটোৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে উপায়বিহীন হৈ পৰিয়ালক পোহপাল দিয়াৰ নিমিত্তে দিন হাজিৰা কৰিব লগা হৈছে ৷ বহু পৰিয়ালে ইতিমধ্যে মিলৰ আৱাসগৃহ এৰি দুখেৰে ঘৰমুৱাও হৈছে ৷ ইপিনে যি 4/5 টা পৰিয়াল আছে,তেওঁলোকেও এপলৰ চৌহদ এৰি যোৱাৰ প্ৰস্তুতি চলাই আছে ৷ আনহাতে মিলটো এতিয়া হাবি-জংঘলে আৱৰি ধৰাই নহয় মিলটোত থকা কোটি কোটি টকাৰ মেচিন বোৰো বেয়া হ'বলৈ ধৰিছে। সেয়ে ক্ষোভিত শ্ৰমিক-কৰ্মচাৰী সকলে চৰকাৰে ঘোষণা কৰা 10 কোটিৰ বাকী থকা টকাখিনি মোকলাই দি বস্ত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছে । লগতে চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা 24 ছেপ্টেম্বৰত ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে শ্ৰমিক-কৰ্মচাৰী সকলে ৷

Intro:এপল মিলৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকিBody:ৰঙিয়াৰ তুলসীবাৰিত থকা ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যগ এপল মিল, পুনৰুজ্বীবিত কৰা দাবীত শ্ৰমিক, কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে ধৰ্ণা দিয়ে। যদিহে বস্ত্ৰ উদ্যোগটো পুনৰুজ্বীবিত কৰাৰ ক্ষেত্ৰত অনতিবিলম্বে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহলে কেইবাজনো শ্ৰমিকে আত্মহত্যা কৰিব বুলিও ভাবুকি প্ৰদান কৰে। চৰকাৰে ইমান দিনে সকলোকে আভুৱা ভৰি থকা বুলি ক্ষোভ উজাৰি কেইবাজনো শ্ৰমিকৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই কান্দোনত ধলি পৰে। সুদীৰ্ঘ সময়ধৰি বস্ত্ৰ উদ্যোগটো বন্ধ হৈ থকাৰ বাবে পানীত হাঁহ নচৰা অৱস্হাৰ সৃষ্টি হৈছে মিলটোৰ লগত জড়িত পৰিয়ালবোৰৰ। প্ৰায়ভাগ কৰ্মচাৰীয়ে উপায়বিহীন হৈ পৰিয়ালক পোহপাল দিয়াৰ নিমিত্তে দিন হাজিৰা কৰিব লগা হৈছে। বহু পৰিয়াল ইতিমধ্যে মিলৰ আৱাসগৃহ এৰি দুখেৰে ঘৰমুৱা হৈছে । যি ৪/৫ টা পৰিয়াল আছে, তেওঁলোকেও এপল চৌহদ এৰি যোৱাৰ প্ৰস্তুতি লৈছে। মিলটো এতিয়া হাবি জংঘলে আৱৰি ধৰাই নহয় কৌটি কৌটি টকাৰ মেচিন বোৰ বেয়া হব ধৰিছে । ক্ষোভিত শ্ৰমিক কৰ্মচাৰী সকলে চৰকাৰে ঘোষণা কৰা ১০ কৌটিৰ বাকীথকা টকাখিনি মোকলাই দি বস্ত্ৰ উদ্যগটো পুনৰুজ্বীবিত কৰাৰ দাবী জনাইছে ।এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আহা ২৪ চেপ্তেম্বৰত ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে। এসময়ৰ মিলটোৰ উৎপাদিত সামগ্ৰীয়ে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.