ETV Bharat / state

সাহিত্যৰ মহা উৎসৱত সভাপতিৰ পদ অৰ্পণ কুলধৰ শইকীয়ালৈ

author img

By

Published : Feb 3, 2020, 2:53 AM IST

Updated : Feb 3, 2020, 4:48 PM IST

জ্যোতি ক্ষেত্ৰৰ মূল মঞ্চত বিদায়ী সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক আদৰি তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ৷ প্ৰায় 20 হাজাৰতকৈ অধিক সাহিত্য প্ৰেমীয়ে কামৰূপৰ বংশৰ পৰা আদৰি আনে নৱ নিযুক্ত সভাপতিগৰাকীক ৷

Kuladhar Saikiya appoint as a President of Asom Sahitya Sabha
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি সভাপতিৰ পদ অৰ্পণ কুলধৰ শইকীয়ালৈ

শুৱালকুছি, 2 ফেব্ৰুৱাৰীঃ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হ'ল অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক । কামৰূপৰ বংশৰৰ পৰা শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰলৈ এখন আটকধুনীয়া ৰথত সাংস্কৃতিক শোভাযাত্ৰাৰে লৈ অহা হয় নৱ নিযুক্ত সভাপতিগৰাকীক ৷ শুৱালকুছিত চলি থকা সাহিত্যৰ মহা উৎসৱত এই বৰ্ণিল আদৰণি জনোৱা হয় অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক ৷ জানিব পৰা মতে, সু-সজ্জিত ৰথখন শুৱালকুছিৰ ঐতিহ্য পলু তাঁতশাল লেতা নিৰ্মিত প্ৰতিক চিহ্নৰে নিৰ্মাণ কৰা ৷

ইয়াৰোপৰি বৰপেটাৰ গায়ন বায়নৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰে অধিৱেশনস্থলীলৈ আদৰি অনা হয় নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক । আনহাতে জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সোঁৱৰণি সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নতুন ড৹ মুকুন্দকাম শৰ্মাই । লগতে জ্যোতি ক্ষেত্ৰৰ মূল মঞ্চত বিদায়ী সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক আদৰি তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

"অসম সাহিত্য সভাৰ জৰিয়তে অসমীয়া জাতি আৰু সংস্কৃতিৰ ৰক্ষাৰ হকে সদায় কাম কৰি যাব" বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ প্ৰায় 20 হাজাৰতকৈ অধিক সাহিত্য প্ৰেমী সাক্ষী হয় ৰয় এই বৰ্ণিল মূহূৰ্ত্তৰ ৷

আৰু পঢ়কঃবটদ্ৰৱাত নামতীৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকা

Intro:অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়ালৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। কামৰূপৰ বংশৰ পৰা শুৱালকুচিৰ জ্যোতি ক্ষেত্ৰৰলৈ এখন আটক ধুনীয়া ৰথত লৈ এই সাংস্কৃতিক শোভাযাত্ৰা।

Body:এই ৰথখন শুৱালকুচিৰ ঐতিহ্য পলু তাঁতশাল লেতা নিৰ্মিত প্ৰতিক চিহ্নৰে বাহনত লৈ এই শোভাযাত্ৰা লগত বৰপেটাৰ গায়ন বায়নৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰে অধিবেশন স্থলীলৈ আহিছে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া।প্ৰায় 20 হাজাৰতকৈ অধিক সাহিত্যক প্ৰমীয়ে কামৰূপৰ বংশৰ পৰা আদৰি আনিছে শুৱালকুচিলৈ অসম সাহিত্য সভাৰ
শুৱালকুচি অধিবেশনলৈ ।এই জ্যোতি বিষ্ণু ভূপেন্দ্ৰ সোঁৱৰণি সংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত নয়ীধীশ ,উচ্চতম ন্যায়ালয়, নতুন দিল্লীৰ ডঃ মুকুন্দকাম শৰ্মা ই। লগতে জ্যোতি ক্ষেত্ৰৰ মূল মঞ্চত বিদায়ী সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া আদৰি তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

Conclusion:সাহিত্য সভাৰ ভাৰ লোৱাৰ পূৰ্বে বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়াই সংবাদ মাধ্যমৰ কয় যে অসমীয়া জাতিৰ আৰু
সংস্কৃতিৰ ৰক্ষাৰ হকে অসম সাহিত্য সভা ৰ জৰিয়তে কাম কৰি যাব।
Last Updated : Feb 3, 2020, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.