ETV Bharat / state

আমিনগাঁৱত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট - 3 ঘণ্টিয়া অৱস্থান ধৰ্মঘট

কোচ ৰাজবংশী জনগোষ্ঠী সকলক জনজাতিকৰণ কৰাৰ দাবীত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ উপদেষ্টা সমীৰণ সিংহই বিজেপি চৰকাৰখনত তীব্ৰ সমালোচনা কৰে ৷

amingaon
আমিনগাঁও
author img

By

Published : Dec 30, 2019, 4:09 PM IST

গুৱাহাটী, 30 ডিচেম্বৰঃ সোমবাৰে আমিনগাঁওস্থিত বীৰ চিলাৰায় উদ্যানত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে সমগ্ৰ অসমৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ জিলা সমিতিৰ সদস্যসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি বিগত বহু বছৰ ধৰি চৰকাৰৰ দ্বাৰা প্ৰতাৰিত হোৱা জনগোষ্ঠীটোৱে এই ধৰ্মঘটৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে আক্ৰাছুৰ উপদেষ্টা সমীৰণ সিংহই এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনক সমালোচনা কৰি কয় যে, কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ বিজেপি চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি অৱশেষত কমতাপুৰ স্বায়ত্ব শসিতৰ পৰিষদৰ নামত কণা-হাঁহক পতান দিয়াৰ নীতি অৱলম্বন কৰিছে ৷ লগতে তেওঁ কয় যে, 2014 চনতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰে 5 বছৰ কাৰ্যকাল শেষ কৰি পুনৰ চৰকাৰ গঠন কৰিলে তাৰ পিছতো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহ'ল ৷

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

প্ৰতিবাদকাৰীসকলে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰাই বিজেপি চৰকাৰখনক সকীয়াই দিয়ে যে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে । তদুপৰি তেওঁলোকে কয় যে যি দৰে CAA বলৱৎ কৰাৰ সময়ত চৰকাৰে গুৰুতৰ ভূমিকা গ্ৰহণ কৰিছিল ঠিক একেদৰে আগন্তুক 3 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰতো চৰকাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে ৷ অন্যথা ইয়াতকৈ জংগী আন্দোলনৰ গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক - সম্প্ৰতি দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ কাৰ্যকৰী কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই!

Intro:কামৰূপৰ আমিনগাঁও স্থিত বীৰ চিলাৰাই উদ্যানত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ৩ ঘণ্টিয়া অৱস্থান ধৰ্মঘত কাৰ্যসূচী ৰূপায়ন ।অসমৰ বিভিন্ন ঠাইৰ লোকে অংশ গ্ৰহণ কৰে।

Body:ধৰ্মঘত কাৰ্যসূচীত সমগ্র অসমৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰছো)ৰ জিলা সমিতি সকলৰ লগতে ৰাইজে অংশ গ্ৰহণ কৰে। বছৰ বছৰ ধৰি পতাৰিত লাঞ্চিত
বঞ্চিত হোৱা জনগোষ্ঠীটিয়ে এই ধৰ্মঘত ৰ জৰিয়তে মিচলিয়া আৰু পতাৰক চৰকাৰ কৰ্ম কাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদ।কোচ ৰাজবংশী জনগোষ্ঠীক সকল বাৰম্বাৰ ললিপপ, দিল্লীকা লাড়ো খোৱাই বোৱাই অৱশেষত কমতাপুৰ স্বায়ত্ব শসিতৰ পৰিষদ ৰ নামত কণা-হাঁহক পতান দিয়াৰ নীতি অৱলম্বন কৰিছে বুলিও কয় ।মুঠতে বিজেপি চৰকাৰ খনে কোচ ৰাজবংশী সকলো পতাৰণা কৰাৰ কোনো কুড়িত এৰা নাই মন্তব্য কৰে আক্ৰছোৰ উপদেষ্টা সমীৰণ সিংহয় ।২০১৪চনতে বিজেপিৰ নিৰ্বাচনি ইষ্টহাৰত কোচ ৰাজবংশী সকলক জনজাতি কাৰণ কৰাৰ পতিসূর্ত্তি কৰিছিল যদিও ৫ বছৰ কাৰ্যকাল শেষ কৰি পুনৰ চৰকাৰ গঠন কৰিলে তাৰ পিছতো জনজাতীৰ কাৰণ মজদা প্রদান কৰা নহল।

Conclusion:আজি এই অৱস্থান ধৰ্মঘত কাৰ্যসূচীৰ স্থলী ৰ পৰা বিজেপি চৰকাৰ খনক সুকীয়াই দিয়ে অতি সোনকালে কোচ ৰাজবংশী সকলক জনজাতীৰ কাৰণ মজদা প্রদান কৰক ।যি দৰে CAA বলবত কৰাত গুৰুও পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ঠিক একে দৰে অহা ৩ মাহৰ ভিতৰত কোচ ৰাজবংশী সকলক জনজাতীৰ কাৰণৰ কৰাৰ ক্ষেত্ৰত সক্ৰিয়া ভূমিকা গ্ৰহণ কৰক অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলনৰ গড়ি তুলিব বুলিও প্ৰকাশ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.