গুৱাহাটী,22আগষ্টঃ বুধবাৰে নিশা জালুকবাৰীত ২৭ খনকৈ অবৈধ চুপাৰি ভৰ্তি ট্ৰাক জব্দ হোৱাৰ পিছতেই পুনৰ সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি । শুকুৰবাৰে পুনৰ জালুকবাৰী আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহানগৰ শাখাই চুপাৰি ছিণ্ডিকেটৰ তদন্ত বিচাৰি দাখিল কৰে এক এজাহাৰ ।
কৃষক মুক্তিৰ স্পষ্ট অভিযোগ, আন্তঃৰাষ্ট্ৰীয় চুপাৰি ছিণ্ডিকেটৰ মাষ্টৰমাইণ্ড অঞ্জন পাল, দীপাংকৰ দেৱ, আব্দুল হান্নান আলি, জাকিৰ হুছেইন, ৰবিউল ইছলাম । লগতে সীমান্তত সীমা শুক্ল বিভাগৰ লগত গোপন বুজাবুজি কৰি মাফিয়া চক্ৰটোৱে ছিণ্ডিকেট চলাই যোৱাৰো অভিযোগ কৃষক মুক্তিৰ । ইপিনে এই অবৈধ কাৰবাৰত কৰিমগঞ্জৰ এছ পি মানবেন্দ্ৰ দেৱৰয় আৰু কামৰূপ গ্ৰাম্য জিলাৰ এছ পি পাৰ্থ সাৰথি মহন্ত চোৰাং মাফিয়া চক্ৰৰ পৃষ্ঠপোষকতা কৰি থকাৰো অভিযোগ তোলে সংগঠনটোৱে । তাৰোপৰি এই ছিণ্ডিকেটৰ ধনেৰেই বিজেপি দল চলি থকাৰো অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । কেৱল ইমানেই নহয় এই ছিণ্ডিকেটৰ ধনৰে উত্তৰ-পূৱৰ উগ্ৰপন্থী সংগঠনসমূহকো সাৰপানী জগাই থকা হৈছে বুলিও কয় সংগঠনটোৱে ।