ৰঙিয়া,9 মে’ঃ কামৰূপৰ ৰঙিয়াত অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ ধন কেলেংকাৰী ৷ একাংশ ঘোচখোৰ লোকৰ বাবে ৰঙিয়াত এতিয়া একে নিশাতে সৃষ্টি হৈছে বহু কৃষক । মহকুমাটোৰ প্ৰায়ভাগ পঞ্চায়ততে সংঘটিত হৈছে এনে কেলেংকাৰী । এই অভিযোগ উত্থাপন কৰে ৰঙিয়াবাসীয়ে ৷ ৰঙিয়াৰ বড়িগোগ গাওঁ পঞ্চায়তৰ কানিকুছি আৰু চেপ্তী নকুল গাওঁ পঞ্চায়তৰ বঙালীকুছি গাঁৱত এই আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে ৷ স্থানীয় কৃষকৰ অভিযোগ অনুসৰি হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । লগতে একাংশ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে প্ৰকৃত কৃষকৰ সলনি স্থান পাইছে কৃষিভূমি নথকা আৰু একাংশ ভুৱা কৃষকে ।
আনহাতে, ভুৱা কৃষকৰ নাম দেখি চকু কপালত উঠিছে গাঁৱবাসীৰ । অঞ্চল দুটাৰ ভোটাৰ তালিকাত নাম নথকা বহুলোকৰো নাম সন্নিৱিষ্ট হৈছে হিতাধিকাৰীৰ তালিকাত ৷ তীব্ৰ আৰ্থিক সংকটে কৃষকসকলক জুৰুলা কৰাৰ সময়তে প্ৰকৃত কৃষকসকল চৰম প্ৰতাৰণাৰ বলি হোৱা কাৰ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
লগতে চাওকঃ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পৰ্যবেক্ষিত তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়