ETV Bharat / state

বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ - অসম আৰক্ষী

অসম আৰক্ষী(Assam police)য়ে একেদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সামাজিক মাধ্যম(social media)ত তালিবানক সমৰ্থন কৰা কেইবাজনকো আটক কৰিছে ৷ কামৰূপ জিলাতো আৰক্ষীয়ে এনে লোকৰ তালিকা প্ৰস্তুত কৰি চলাইছে অভিযান ৷

kamrup police on mission againts taliban supporters over social media
বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ
author img

By

Published : Aug 21, 2021, 6:54 PM IST

বাইহাটা, 21 আগষ্ট : সামাজিক মাধ্যম(social media)ত তালিবানক সমৰ্থন কৰা কেইবাজনকো আটক কৰিলে অসম আৰক্ষী(Assam police)য়ে । কামৰূপ জিলাতো আৰক্ষীয়ে আটক কৰিছে তালিবান সন্ত্ৰাসবাদীৰ সমৰ্থন কৰি সামাজিক মাধ্যমত লিখা-মেলা কৰা দুজনকৈ লোকক । আটকধীন ব্যক্তি দুগৰাকী আবুবক্কৰ ছিদ্দিক ওৰফে অভিলেষ খান আৰু চাইদুল হক বুলি জানিব পৰা গৈছে ৷

ইয়াৰে আবুবক্কৰ ছিদ্দিক পেছাত গোৱালপাৰা ফৰেষ্ট গেট লুইত প্লাবিক স্কুলৰ শিক্ষক ৷ ইয়াৰ লগতে, চাইদুল হক অসম আৰক্ষীৰ ২১ নং বেটেলিয়নৰ জোৱান বুলি জানিব পৰা গৈছে । এই ঘটনা সংক্ৰান্তত কামৰূপ আৰক্ষীয়ে ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী থানাত 130/131/21 নম্বৰত এক গোচৰ ৰুজু কৰিছে ।

বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ

শুকুৰবাৰে নিশা কেবাঠাইতো কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত চলিছিল আৰক্ষীৰ অভিযান । জানিব পৰা মতে, তালিবান সন্ত্ৰাসবাদী(Taliban terrorist)ৰ সমৰ্থনকাৰী প্ৰায় ১২ গৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কামৰূপ আৰক্ষীয়ে ।

জানিব পৰা মতে, ডুবাইস্থিত কামৰূপ জিলাৰ এগৰাকী ব্যক্তিক আটক কৰাৰ বাবে কামৰূপ আৰক্ষীয়ে চলাব অভিযান । একেদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ মেডিকেল কলেজ(Tezpur Medical college)ৰ এগৰাকী ছাত্ৰকো তালিবানৰ সমৰ্থন কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যজুৰি অসম আৰক্ষীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাক এতিয়া আদৰণি জনোৱা দেখা গৈছে ৰাজ্যবাসীক ৷

লগতে পঢ়ক : তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.