ETV Bharat / state

স্বাধীনতা দিৱসক লৈ কামৰূপ আৰক্ষীৰ বিশেষ সতৰ্কতা - CISF বাহিনী

স্বাধীনতা দিৱসক লৈ কামৰূপ আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ প্ৰতিখন বাহন আৰু যাত্ৰীক তন্ন-তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে ৷ বৰঝাৰ বিমান বন্দৰৰ প্ৰৱেশ দ্ধাৰত আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি ৷

Kamrup Police beefed up at Guwahati International Airport ahead of Independence Day
স্বাধীনতা দিৱসক লৈ কামৰূপ আৰক্ষীৰ বিশেষ সতৰ্কতা
author img

By

Published : Aug 13, 2020, 9:01 PM IST

আজাৰা, 13 আগষ্ট : মহামাৰী কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ 74 সংখ্যক স্বাধীনতা দিৱসত যাতে ৰাজ্যত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হ'ব নোৱাৰে তাৰবাবে প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিছে ৷ ইতিমধ্যে, প্ৰতিখন জিলাৰ প্ৰশাসন সষ্টম হৈ পৰিছে ৷

বৃহস্পতিবাৰে কামৰূপ জিলাৰ বৰঝাৰ বিমান বন্দৰৰ প্ৰৱেশ দ্ধাৰত আজাৰা আৰক্ষী আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ প্ৰচেষ্টাত প্ৰতিখন সৰু-ডাঙৰ বাহনক আৰক্ষীয়ে তন্নতন্নকৈ তালাচী চলাইছে ৷ লগতে, CISF বাহিনীয়ে বিমানবন্দৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰা যাত্রী সকলক তালাচী চলোৱাৰ উপৰিও প্ৰতি গৰাকী যাত্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

স্বাধীনতা দিৱসক লৈ কামৰূপ আৰক্ষীৰ বিশেষ সতৰ্কতা

আনহাতে, পলাশবাৰী আৰক্ষীয়েও গুৱাহাটী-গোৱালপাৰা পথচোৱাত তন্নতন্ন প্ৰতিখন বাহনক তালাচী চলোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, বিগত 1 মাহৰ পৰাই নিয়মীয়াকৈ আৰক্ষীয়ে তালাচী অভিযান চলাই আহিছে ।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সাত গছপুলি ৰোপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.