ETV Bharat / state

বকোত পাইন কাঠৰ মাজত লুকুৱাই অনা শাল গছৰ বাটাম উদ্ধাৰ

author img

By

Published : Aug 16, 2019, 4:00 PM IST

কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ বামুণীগাঁৱৰ বন সুৰক্ষা বিষয়া 'ৰেঞ্জাৰ' লক্ষেশ্বৰ দাসৰ নেতৃত্বত তহলদাৰী এটা দলে বকোৰ আগছিয়াত এ এচ ২৫ ডি ছি ৮৩৭৪ নম্বৰৰ এখন সন্দেহজনক টাটা ডি আই গাড়ীত তালাচী চলাই বহু পৰিমাণৰ পাইন গছৰ বাটাম, তক্তা আৰু পাইন কাঠৰ মাজত লুকুৱাই অনা শাল গছৰ বাটাম উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বকোত পাইন কাঠৰ মাজত লুকুৱাই অনা শাল গছৰ বাটাম উদ্ধাৰ

কামৰূপ, 16 আগষ্টঃ কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ বামুণীগাঁৱৰ বন সুৰক্ষা বিষয়া 'ৰেঞ্জাৰ' লক্ষেশ্বৰ দাসৰ নেতৃত্বত শুক্ৰবাৰে পুৱা তহলদাৰী এটা দলে বকোৰ আগছিয়াত এ এচ ২৫ ডি ছি ৮৩৭৪ নম্বৰৰ এখন সন্দেহজনক টাটা ডি আই গাড়ীত তালাচী চলাই বহু পৰিমাণৰ পাইন গছৰ বাটাম, তক্তা আৰু পাইন কাঠৰ মাজত লুকুৱাই অনা শাল গছৰ বাটাম উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যে, মেচাৰ্চ ধন টিম্বাৰ চ'প আৰু ধৰিত্ৰী ফাৰ্ণিচাৰ নামৰ দুখন দোকানৰ বাবে কাঠ খিনি অনা হৈছিল বুলি জানিব পৰা গৈছিল যদিও গাড়ীখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰাত আৰু দোকান দুখনৰ স্বতাধীকাৰে উপযুক্ত প্ৰমাণ দেখুৱাব নোৱাৰাত কাঠ সহ গাড়ী খন জব্দ কৰি বামুণীগাঁৱৰ বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ৷ জব্দ হোৱা কাঠ খিনি বকোৰ হাহিমৰ পৰা অনিছিল বুলি আৰক্ষীয়ে সূত্ৰে জানিব পাৰিছে যদিও ৰেঞ্জাৰ লক্ষেশ্বৰ দাসে সন্দেহ প্ৰকাশ কৰিছে যে , পাইন কাঠ অসমত পোৱা নাযায় আৰু সেয়ে এই কাঠখিনি মেঘালয়ৰ পৰা অনা হৈছিল ৷ কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ'ব অনুমান কৰিছে বন বিভাগে ৷

Intro:Body:বকোৰ বামুণীগাঁৱৰ বন সুৰক্ষা ৰেঞ্জৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত আজি কাহিলীপুৱাতে নিয়মমাফিক তহলদাৰী দলটোৱে তহল দি থকা অৱস্থাত বকোৰ আগছিয়াত এখন সন্দেহজনক টাটা ডি আই (এ এচ ২৫ ডিছি ৮৩৭৪) গাড়ীখন দেখা পাই তালাচী চলাই আৰু গাড়ীখনৰপৰা বহু পৰিমাণে পাইন গছৰ বাটাম, তক্তা আৰু পাইন কাঠৰ মাজত লুকুৱাই অনা শাল গছৰ বাটাম উদ্ধাৰ কৰে। গাড়ীৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ লগতে 'মেচাৰ্চ ধন টিম্বাৰ চ'প আৰু ধৰিত্ৰী ফাৰ্ণিচাৰ' দোকান খনৰ মালিকেও কোনো ধৰণৰ কাগজ দেখুৱাব নোৱাৰাত বকো থানাৰ সহযোগত গাড়ীখন কাঠখিনিৰে সৈতে বামুণীগাঁওৰ বন বিভাগৰ কাৰ্য্যলয়লৈ জব্দ কৰি লৈ যায়। ৰেঞ্জাৰ লক্ষেশ্বৰ দাসে জনোৱা মতে কাঠখিনি বকোৰ হাহিম ৰপৰা অনা হৈছিল যদিও পাইন কাঠ যিহেতু অসমত পোৱা নাযায় সেয়েহে এই কাঠ মেঘালয় ৰাজ্যৰ পৰা অনা হৈছে। কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষ টকা হৱ বুলি জানিব দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.