কমলপুৰ,12 নৱেম্বৰ: কমলপুৰ থানাৰ অন্তৰ্গত বোৰ্কাস্থিত বন্ধন বেংকত ৯ নৱেম্বৰত সংঘটিত হৈছিল ডকাইতি কাণ্ড ৷ দিন দুপৰতে বেংকৰ ভিতৰত গুলি ফুটাই লুট কৰিছিল ৬.৪০ হাজাৰ টকা। তাৰ পাছত কমলপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল বেংক কৰ্তৃপক্ষই ৷
কমলপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত চলাই বালিসত্ৰ নামৰ ঠাইৰ পৰা আৰজেদ আলী নামৰ দুধৰ্ষ ডকাইতটোক আটক কৰে। লগতে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে। এই ডকাইতি কাণ্ডৰ লগত আৰু কোনো ব্যক্তি জড়িত থকাৰ সন্দেহত অব্যাহত আছে আৰক্ষীৰ তদন্ত ।
লগতে পঢ়ক: মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ