বাইহাটা, 27 অক্টোবৰ: "অসম গণ পৰিষদ পথচ্যুত হৈছে । অসম চুক্তিৰ আধাৰত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল । ৭১ চনৰ পিচত অহা বিদেশী খেদি পঠিওৱাৰ চুক্তিতে অসম গণ পৰিষদৰ জন্ম হৈছিল । কিন্তু সেই অসম গণ পৰিষদ দলে বিজেপিৰ লগত থাকি ২০১৪ চনলৈকে বিদেশী আনিব লগীয়া প্ৰক্ৰিয়াত সমৰ্থন আগবঢ়াইছে।" কমলপুৰৰ পুথিমাৰিত অসম জাতীয় পৰিষদৰ জিলা আহ্বায়ক কমিতি গঠন আৰু যোগদান কাৰ্য্যসূচীত যোগদান কৰি এই বিস্ফোৰক মন্তব্য আগবঢ়ায় অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই । মিঞা সংগ্ৰহালয় স্থাপন সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত শ্বেৰমান আলী আৰু বিজেপিৰ গোপন বুজাবুজি থকা বুলিও মন্তব্য আগবঢ়ায় জগদীশ ভূঞাই ।

আনফালে অসমত কংগ্ৰেছ আৰু সহযোগী শক্তি, বিজেপি আৰু সহযোগী শক্তি আৰু আঞ্চলিকতাবাদ নামেৰে তিনিটা ৰাজনৈতিক ধাৰা থকাৰ কথা উল্লেখ কৰে অদীপ ফুকনে । এজেপি দলে আগন্তুক নিৰ্বাচনত কোনো ৰাষ্ট্ৰীয় দলৰ লগতে মিত্ৰতা নকৰে বুলিও মত আগবঢ়াই অসম জাতীয় পৰিষদৰ উপদেষ্টা অদীপ ফুকনে । লগতে অসম বিধান সভাৰ ১২৬ টা আসনতে এজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি মন্তব্য কৰে জগদীশ ভূঞাই ।
লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত