ETV Bharat / state

কমলা কলিতাৰ সভাত এফালে জিন্দাবাদ আনফালে মুৰ্দাবাদৰ শ্ল’গান - কমলা কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

মঙলবাৰে পলাশবাৰী সমষ্টিৰ পাৰ্ল্লী চ'কত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত অগপ নেতা কমলা কলিতাই অনুষ্ঠিত কৰিছিল এখন সভা । তাকে লৈ অঞ্চলটোৰ লোক সকল খৰ্গহস্ত হৈ কমলা কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । কমলা কলিতাৰ সভাৰ সন্মুখতে প্ৰায় ২ শতাধিক লোকে কমলা কলিতা হুছিয়াৰ, পচা কমলা গ' বেক, কমলা কলিতা মুন্দাৰ্বাদ আদি ধনিৰে সভাস্থলী উত্তাল কৰি তোলে।

kamala-kalita-metting-protest-public-at-palasbari
পলাশবাৰীত কমলা কলিতাৰ সভাত এফালে জিন্দাবাদ আনফালে মুৰদাবাদৰ শ্ল’গান
author img

By

Published : Dec 8, 2020, 8:23 PM IST

দক্ষিণ কামৰূপ,8 ডিচেম্বৰঃ কমলা কলিতা গ'বেক, পচা কমলা আমাক নালাগে আদি শ্ল’গানেৰে উত্তাল হ'ল পলাশবাৰী সমষ্টিৰ পাল্লী । নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে গৰম হৈ পৰিছে পলাশবাৰীৰ নিৰ্বাচনী বতাহ ।

অসম খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষ অগপ নেতা কমলা কলিতাই এইবাৰ মন মেলিছে পলাশবাৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ । ইতিমধ্যে বিভিন্ন ধৰনেৰে পলাশবাৰী সমষ্টিত কমলা কলিতাই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ।

পলাশবাৰীত কমলা কলিতাৰ সভাত এফালে জিন্দাবাদ আনফালে মুৰদাবাদৰ শ্ল’গান

ইপিনে মঙলবাৰে পলাশবাৰী সমষ্টিৰ পাৰ্ল্লী চ'কত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত অগপ নেতা কমলা কলিতাই অনুষ্ঠিত কৰিছিল এখন সভা । তাকে লৈ অঞ্চলটোৰ লোক সকল খৰ্গহস্ত হৈ কমলা কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । কমলা কলিতাৰ সভাৰ সন্মুখতে প্ৰায় ২ শতাধিক লোকে কমলা কলিতা হুছিয়াৰ, পচা কমলা গ' বেক, কমলা কলিতা মুন্দাৰ্বাদ আদি ধ্বনিৰে সভাস্থলী উত্তাল কৰে ।

আনহাতে সভাত উপস্থিত থকা লোক সকলে কমলা কলিতাক লগত লৈ অগপ জিন্দাবাদ, কমলা কলিতা জিন্দাবাদ শ্ল’গান দিয়া পৰিলক্ষিত হয় । যাৰ ফলত দুয়োপক্ষৰে প্ৰতিবাদ অধিক উত্তাল হৈ পৰে । ইপিনে কমলা কলিতাৰ অভিযোগ কৰে যে, সমষ্টিটোত অন্য ৰাজনৈতিক দলসমূহ তেখেতক লৈ সংকিত হৈ পৰিছে, যাৰ বাবে এনেধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে, এই দৰে সঘনাই সমষ্টিটোত চলি থকা প্ৰতিবাদে আগন্তুক নিৰ্বাচনৰ সময়ত পলাশবাৰীত সংঘাট সৃষ্টি হ'ব সেয়া যেন স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়কঃ জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.