ETV Bharat / state

ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা - পলাশবাৰী আৰক্ষী থানাৰ

ঘটনা অনুসৰি দেওবাৰে সাংবাদিক মিলন মহন্তই পলাশবাৰী আৰক্ষী থানাৰ অৰ্ন্তগত তিনিআলী চকত বজাৰ কৰি থকাৰ অৱস্থাত দুপৰীয়া সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীটোৰ নেতৃত্বত একাংশ উন্মাদ লোকে মিলন মহন্তক খেদি খেদি অতকিৰ্তে প্ৰহাৰ কৰে ৷ আক্ৰমণকাৰী দলটোৱে প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি ৰাজপথৰ কাষতে থকা এটা লাইটৰ পোষ্টত বান্ধি সাংবাদিক গৰাকীক গুৰুতৰভাৱে প্ৰহাৰ কৰে ৷

Journalist attack at mirza
সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ সাংবাদিকক বিদ্যুৎৰ খুটাত বান্ধি প্ৰহাৰ
author img

By

Published : Nov 15, 2020, 7:44 PM IST

দক্ষিণ কামৰূপ,15 নৱেম্বৰঃ ৰাজ্যত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ দক্ষিণ কামৰূপৰ মিৰ্জাত এগৰাকী সাংবাদিকক পুনৰ জুৱাৰীয়ে হত্যাৰ চেষ্টা চলালে ৷ পলাশবাৰী আৰক্ষী থানাৰ অৰ্ন্তগত তিনিআলীত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা ৷ উল্লেখযোগ্য যে, জুৱাৰীয়ে লাইটৰ পোষ্টত বান্ধি লৈ নিৰ্মম ভাৱে গ্ৰণপ্ৰহাৰ কৰি গুৰুত্বৰ ৰূপত আহত কৰিলে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ ৰবিহাটৰ সাংবাদিক মিলন মহন্তক ৷

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ সাংবাদিকক বিদ্যুতৰ খুটাত বান্ধি প্ৰহাৰ

ঘটনা অনুসৰি দেওবাৰে সাংবাদিক মিলন মহন্তই পলাশবাৰী আৰক্ষী থানাৰ অৰ্ন্তগত তিনিআলী চকত দুপৰীয়াৰ ভাগত বজাৰ কৰি থকাৰ অৱস্থাতে সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীটোৰ নেতৃত্বত একাংশ উন্মাদ লোকে মিলন মহন্তক খেদি খেদি অতকিৰ্তে প্ৰহাৰ কৰে ৷ আক্ৰমণকাৰী দলটোৱে প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি ৰাজপথৰ কাষতে থকা এটা লাইটৰ পোষ্টত বান্ধি প্ৰহাৰ কৰিবলৈ লয় ৷ গুৰুত্বৰভাৱে আহত মিলন মহন্তক স্থানীয় কেইজনমান লোকৰ তৎপৰতাত কোনোমতে জুৱাৰী দলটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মন কৰিবলগীয়া যে, তিনিআলীৰ নিচেই কাষতে থকা পলাশবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও মহন্তক উদ্ধাৰ কৰা সলনি ৰহস্য জনক ভূমিকা গ্ৰহণ কৰা বুলি স্থানীয় দল সংগঠনে অভিযোগ কৰিছে ৷ তাতোকৈ আশ্চযৰ্কৰ কথাটো হ’ল যে, আৰক্ষীয়ে গুৰুতৰ ভাৱে আহত মিলন মহন্তক স্থানীয় ৰাইজৰ সহযোগত বহু পলমকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

Journalist attack at mirza
সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ সাংবাদিকক বিদ্যুৎৰ খুটাত বান্ধি প্ৰহাৰ

আনহাতেদি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত ৰবিহাটৰ স্থানীয় লোকৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া তথা সদস্যই আৰক্ষী থানাত উপস্থিত হৈ এই আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰাৰ লগতে 24 ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ৷ আৰক্ষীয়ে দোষীক 24 ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে অপৰাধী চক্ৰ আৰু আৰক্ষীৰ বিৰুদ্ধে অধিক সুচাৰ হৈ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে ৷ সম্প্ৰতি সাংবাদিক মিলন মহন্তই ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়াসহ আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ উল্লেখনীয় যে ,সাংবাদিক গৰাকীক আক্ৰমণ কৰা সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়াটোৰ সৈতে আৰক্ষীৰ এক গোপন মিতিৰালি থকাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া ৷

লগতে পঢ়কঃ নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.