ETV Bharat / state

JEE কেলেংকাৰী : বৰ্তমানেও পলাতক ভাৰ্গৱ ডেকা - JEE কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ

JEE কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ মহিলাসহ মুঠ ৬ জন লোক । বৰ্তমানেও পলাতক গ্ল'ৱেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা । জালত পৰিব পাৰে বহুতো লোক ।

JEE কেলেংকাৰী
JEE কেলেংকাৰী
author img

By

Published : Nov 1, 2020, 7:53 PM IST

আজাৰা, 1 নৱেম্বৰ : সমগ্ৰ দেশ তোলাপাৰ লগাইছে JEE কেলেংকাৰীয়ে ৷ য'ত নিতৌ পোহৰলৈ আহিছে ন ন তথ্য, জালত পৰিছে ইজনৰ পিচত সিজন লোক ৷ এটা অডিঅ' ক্লিপত খোল খাইছিল কেলেংকাৰীৰ বৃহৎ তথ্য ৷ 5 ছেপ্তেম্বৰত বৰঝাৰস্থিত E-Com Towerৰ ION Digital Zoneত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় পৰ্যায়ৰ JEE পৰীক্ষা ৷ সেই পৰীক্ষাতে সংঘটিত হৈছিল এক বৃহৎ কেলেংকাৰী ৷ পৰীক্ষাত নামমাত্ৰ বহিছিল নীল নক্ষত্ৰ দাস, কিন্তু তেওঁৰ পৰিৱৰ্তে আন প্ৰান্তৰ পৰা পৰীক্ষা দিছিল আন এজন লোকে ৷ কিয়নো পিতৃ-মাতৃৰ হেঁচা পুত্ৰক অভিযন্তা বনোৱাৰ ৷ কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ নম্বৰ লাভ কৰি, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাৰ হৈ ৮৫ শতাংশ নম্বৰ লাভ কৰা নীল নক্ষত্ৰ দাসৰ কোনো ধাউতি নাছিল বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ ৷ কলা শাখাত অধ্যয়ন কৰাৰ প্ৰতি ধাউতি থকা নীলে কেৱল চিকিৎসক পিতৃ- মাতৃৰ হেঁচাত নীলে বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ লগতে প্ৰতিযোগিতামূলক JEE পৰীক্ষা দিবলৈ বাধ্য হৈছিল ৷ পৰীক্ষা নিদিও বুলি কোৱা স্বত্বেও পিতৃয়ে নীলক কেৱল পৰীক্ষা কেন্দ্ৰত বহিবলৈ কৈছিল বাকী সকলো পিতৃয়ে মেনেজ কৰি দিম বুলি আশ্বাস প্ৰদান কৰিছিল ৷

খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE কেলেংকাৰীৰ তদন্ত

ঘটনা অনুসৰি সম্প্ৰতি পলাতক অৱস্থাত থকা ভাৰ্গৱ ডেকাই টকাৰ বিনিময় সকলো ঠিক কৰিছিল ৷ গ্ল'ৱেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাৰ বিৰুদ্ধে পূৰ্বতেও এনেদৰে বহুতো শিক্ষাৰ্থীক টকাৰ বিনিময়ত উত্তীৰ্ণ কৰাৰ অভিযোগ আছে ৷ আঢ্যৱন্ত লোকৰ সন্তানক টকাৰ বিনিময়ত JEE ৰ দৰে পৰীক্ষাত বহাই IIT, NIIT আদিৰ দৰে বহু নামী-দামী শিক্ষানুষ্ঠানত আসন ঠিক কৰোৱাই দিয়াৰ অভিযোগ আছে ভাৰ্গৱ ডেকাৰ বিৰুদ্ধে ৷ মেডিকেল, অভিযান্ত্ৰিক পৰীক্ষাৰ নামত নামত বিভিন্ন লোকৰ পৰা ধনৰ বিনিময়ত পৰীক্ষাত জালিয়াতি কৰিছিল ভাৰ্গৱ ডেকাই ৷ শেহতীয়া JEE পৰীক্ষাৰ জালিয়াতি সন্দৰ্ভত বিগত মঙলবাৰে নিশা আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডা৹ জ্যোৰ্তিময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক নামৰ ৫ জন লোকক ৷ পৰীক্ষাৰ্থী নীল নক্ষত্ৰ দাসৰ পিতৃয়ে নীল নক্ষত্ৰ দাসক সুখ্যাতিৰে উত্তীৰ্ণ কৰোৱাৰ বাবদ টকা দিছিল ভাৰ্গৱ ডেকাক ৷ ভাৰ্গৱ ডেকাৰ সৈতে কাক ক'ত কেনেদৰে মেনেজ কৰিব লাগে এই সন্দৰ্ভত সকলো ঠিক কৰি দিছিল নীল নক্ষত্ৰই কোচিং কৰা গ্ল'ৱেল ইডুলাইটৰ কাউঞ্চিলাৰ কাকলি বুজৰবৰুৱা নামৰ মহিলাগৰাকীয়ে ৷ ইতিমধ্যে কাকলি বুজৰবৰুৱাক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

কাকলি বুজৰবৰুৱাক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

পৰীক্ষাত জালিয়াতি কৰাৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰা ভাৰ্গৱ ডেকা বৰ্তমানেও পলাতক ৷ জালত পৰিল ভাৰ্গৱ ডেকাৰ লগত একেলগে কৰ্মৰত কাকলি বুজৰবৰুৱা ৷ আনহাতে এইবাৰ জালত পৰিব পাৰে ভাৰ্গৱ ডেকাৰ ঘনিষ্ঠ ৰুবুল মেধি আৰু মধু হালৈ নামৰ দুজন লোক ৷ পৰীক্ষা জালিয়াতি কৰা সন্দৰ্ভত ৰুবুল মেধিৰ বিৰুদ্ধেও উত্থাপন হৈছে মূল ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ ৷ উল্লেখ্য যে, বৰ্তমানেও কোনো তথ্য পোৱা নাই নীলৰ হৈ পৰীক্ষা দিয়া লোকজনৰ ৷ ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰৰ পাচতহে পোহৰলৈ আহিব পৰীক্ষা দিয়া লোকজনৰ তথ্য ৷ আনহাতে অভিযুক্ত ৰুবুল মেধি মহানগৰীৰে ওচৰৰ কোনো ঠাইত থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে কোনো সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত ৷

JEE কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ মহিলাসহ মুঠ ৬ জন লোক

লগতে পঢ়ক: মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱ : জগদীশ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.