আজাৰা,29 অক্টোবৰ: বৃহস্পতিবাৰে আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কাণ্ডত জড়িত অভিযুক্তসকলক ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা পাঁচগৰাকী অভিযুক্তৰ ভিতৰত হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ION Digital Zone ৰ কৰ্মকৰ্তা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ সন্দৰ্ভত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । ধনৰ বিনিময়ত পৰীক্ষাত জালিয়াতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে আটাইকেইজন ব্যক্তি । তথ্য অনুসৰি, তদন্তৰ বাবে আটাইকেইজন অভিযুক্তক ৭ দিনৰ জিন্মাত বিচাৰিব আৰক্ষীয়ে ।
লগতে চাওকঃ JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য