কামৰূপ, 14 আগষ্ট : মহানগৰীৰ চোৰৰ টাৰ্গেট এইবাৰ পানীৰ পাইপ ৷ মহানগৰ পানী যোগান আঁচনিৰ অংশৰূপে জাইকাই উত্তৰ গুৱাহাটীত নিৰ্মান কৰি আছে এটি পানী যোগান আঁচনি ৷ এই পানী যোগান আঁচনিটোত ব্যৱহাৰ হৈছে বৃহৎকায় পাইপ ৷ এই বৃহৎকায় পাইপসমূহ জাইকাই উত্তৰ গুৱাহাটীৰ বিভিন্ন পথৰ দাঁতিতে ৰাখিছিল ।
গুৱাহাটীৰ আই আই টিৰ সমীপৰ পথৰ দাঁতিত পেলাই ৰখা কেবাডালো পাইপ দুখন টেইলৰত ভৰাই পলায়নৰ চেষ্টা বহিঃ ৰাজ্যৰ চোৰৰ দলৰ ৷ এই কথা উমান পাই জাইকাৰ শ্ৰমিকে খবৰ দিয়ে আমিনগাঁও আৰক্ষীক (Amingaon Police) ৷ আৰক্ষী অহাৰ উমান পাই চোৰৰ দলটোৱে পানীৰ পাইপসহ টেইলৰ লৈ পলয়ানৰ চেষ্টা কৰে যদিও আনমিনগাঁও আৰক্ষী চকীৰ সন্মুখত এখন বাহনৰ চালকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
চোৰৰ দলটোৱে দুখন টেইলৰেৰে এই পাইপসমূহ কঢ়িয়াই নিয়াৰ চেষ্টা কৰিছিল ৷ এজন গাড়ীচালক আটক হয় যদিও বাকী কেইজন পলাই যাবলৈ সক্ষম হয় ৷
ইতিমধ্যে এই সন্দৰ্ভত আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট বৈশ্যই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ আটক কৰা চালকজনক সোধ পোছ অব্যাহত ৰখা হৈছে ৷ চলকজনৰ ভাষ্যৰ ভিত্তিতে দলটোৰ আনকেইজন সদস্যকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে ৷
লগতে পঢ়ক : নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত