ETV Bharat / state

কলা শাখাত তৃতীয় স্থান দখল কৰা সংগীতাক সম্বৰ্ধনা জলসিঞ্চন মন্ত্ৰীৰ

কলা শাখাত শীৰ্ষ দহটা স্থানৰ ভিতৰত তৃতীয় স্থান দখল কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা সংগীতা দাসক সম্বৰ্ধনা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ৷ ছাত্ৰীগৰাকীক 25 হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু ভৱিষ্যতে সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান মন্ত্ৰী গৰাকীৰ ৷

author img

By

Published : Jun 26, 2020, 1:46 PM IST

irrigation minister bhabesh kalita facilitated sangita das who secured 3rd position in h.s final exam
কলা শাখাত তৃতীয় স্থান দখল কৰা সংগীতাক সম্বৰ্ধনা জলসিঞ্চন মন্ত্ৰীৰ

ৰঙিয়া, 26 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়ালৈ ৷ ৰঙিয়াৰ প্ৰগমেটিক একাডেমীৰ ছাত্ৰী সংগীতা দাসে কলা শাখাত শীৰ্ষ দহটা স্থানৰ ভিতৰত তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ লগতে সমগ্ৰ কামৰূপ জিলালৈ ৷

এই কৃতি ছাত্ৰী গৰাকীৰ সফলতাৰ বাবে তেওঁক সম্বৰ্ধনা জনাই ভিন্ন দল-সংগঠনে ৷ ভিন্ন দল-সংগঠনৰ ওপৰিও মেধাৱী ছাত্ৰীগৰাকীক শুকুৰবাৰে সম্বৰ্ধনা জনায় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে ছাত্ৰীগৰাকীক 25 হাজাৰ টকাৰ আৰ্থিক সাহায্যও আগবঢ়ায় ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মনত পুহি ৰখা মেধাৱী ছাত্ৰী সংগীতাক, উচ্চ শিক্ষাৰ গ্ৰহণৰ লগতে ভৱিষ্যতে সকলো সহায়-সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ লগতে ছাত্ৰী গৰাকীৰ এই সফলতা যাতে অক্ষুন্ন থাকে তাৰ বাবে তেওঁক শুভকামনা জ্ঞাপন কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷

লগতে পঢ়কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.