ETV Bharat / state

আঁচনি থাকিও কৃষিৰ প্ৰয়োজনীয় পানী লাভ কৰা নাই মাহতলিবাসীয়ে - ৰঙিয়া তুলসীবাৰী

ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলিত ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ কোটিটকীয়া অভিলাষী আঁচনি ৷ ৰাজ্যৰ ভিতৰতে অকৰ্মণ্য বিভাগ হিচাপে পৰিচিত হৈছে জলসিঞ্চন বিভাগ ৷ এই অভিযোগ তুলসীবাৰীবাসীৰ ৷

irrigation deparment fails to meet public needs
ভালুকৰ সাঙীত পৰিণত মাহতলিৰ জলসিঞ্চন আঁচনি
author img

By

Published : Jul 28, 2021, 8:34 PM IST

ৰঙিয়া, 28 জুলাই : ক্ৰমাৎ ভালুকৰ সাঙীত পৰিণত হৈছে জলসিঞ্চন বিভাগ(Irrigation Deparment)ৰ কোটিটকীয়া অভিলাষী আঁচনি ৷ অঞ্চলবাসীৰ অভিযোগ ৰাজ্যৰ ভিতৰতে অকৰ্মণ্য বিভাগটো হৈছে জলসিঞ্চন বিভাগ(Irrigation Deparment) ৷ কোটিটকীয়া আঁচনি পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷

তুলসীবাৰীৰ মাহতলিবাসীৰ অভিযোগ, খেতিয়কৰ পৰিৱৰ্তে লাভৱান হৈছে ঠিকাদাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চৰকাৰে কোটি টকা খৰচ কৰাৰ পিছতো মাহতলি জলসিঞ্চন আঁচনিৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে লাভ কৰা নাই এটোপাল পানী । অঞ্চলটোৰ খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ১০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মাহতলি জলসিঞ্চন আঁচনি । কিন্তু বিগত প্ৰায় এবছৰৰ পৰা আঁচনিখন বিকল হৈ পৰি আছে ।

বগা হাতীত পৰিণত জলসিঞ্চন আঁচনি

আঁচনিখনৰ পকী নলী-নাদসমূহ ইতিমধ্যে জহি-খহি গৈছে । খেতিয়কসকলে আঁচনিখনৰ জৰিয়তে পৰ্যাপ্ত পানী লাভ কৰি কৃষি কাৰ্যত অধিক লাভান্বিত হ’ব বুলি আশা কৰা হৈছিল । কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ চূড়ান্ত গাফিলতি আৰু দুৰ্নীতিৰ বাবে এই আঁচনি বগাহাতীত পৰিণত হৈছে ।

বিকল হৈ পৰি ৰোৱা আঁচনিখন সময়ে সময়ে মেৰামতি কৰা হয় যদিও পানীহে নাপায় খেতিয়কসকলে । এই অভিযোগ কৃষকসকলৰ ৷ পানীৰ অভাৱত কৃষি পথাৰসমূহ খেতিৰ অনুপযোগী হৈ পৰিছে । ইতিমধ্যে খেতি পথাৰৰ বহু ঠাইত চিৰাল ফাঁট মেলিছে ।

খৰালি ৰবি শস্য, বড়ো ধানৰ খেতিৰ পিছত বৰ্তমান শালি খেতিৰ বাবেও আহুকাল হৈছে কৃষকসকলৰ । এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ খেতিয়কৰ পৰিৱৰ্তে বিষয়া আৰু ঠিকাদাৰসকলেহে মুনাফা আদায় কৰা বুলি খেতিয়কসকলে ক্ষোভ উজাৰিছে । এই সন্দৰ্ভত স্থানীয় কৃষকসকলে কেইবাবাৰো জলসিঞ্চন বিভাগক অৱগত কৰিছে যদিও বৰ্তমানলৈ কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই ।

irrigation deparment fails to meet public needs
ভালুকৰ সাঙীত পৰিণত মাহতলিৰ জলসিঞ্চন আঁচনি

উল্লেখ্য যে, বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাই যোৱাটো কাৰ্যকালত খোদ জলসিঞ্চন মন্ত্ৰী হৈ থকাৰ পিছতো আঁচনিখন কাৰ্যক্ষম কৰিব নোৱাৰিলে । যাৰ বাবে চৰকাৰ তথা ৰঙিয়াৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে খেতিয়কসকলে । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে পোহৰলৈ আহিছে দুৰ্নীতি(Corruption)ৰ নানান তথ্য ৷ তুলসীবাৰীৰ জনসিঞ্চন আঁচনি(Irrigation Deparment)ত সংঘটিত হোৱা দুৰ্নীতিয়ে তাকে প্ৰতীয়মান কৰিছে ৷

লগতে পঢ়ক: পঞ্চায়তে নিৰ্মাণ কৰা আঁচনিয়ে উদঙালে জলসিঞ্চন বিভাগৰ ফোঁপোলা স্বৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.