ETV Bharat / state

মৃতপায় অৱস্থাত কোটিটকীয়া জলসিঞ্চন আঁচনি - ৰঙিয়াৰ বৰকুকুৰীয়াৰ জলসিঞ্চন বিভাগৰ আঁচনি

ৰঙিয়াৰ বৰকুকুৰীয়াৰ জলসিঞ্চন বিভাগৰ আঁচনিখনৰ প্ৰায় 95 শতাংশ বৰ্তমান বিকল হৈ পৰি ৰৈছে ৷ উপায়ন্তৰ হৈ পৰিছে কৃষকসকল ৷

কোটি টকীয়া জলসিঞ্চন আঁচনি এতিয়া মৃতপায় অৱস্থাত

author img

By

Published : Feb 11, 2021, 2:28 PM IST

ৰঙিয়া,11 ফেব্ৰুৱাৰীঃ খোদ জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ গৃহ সমষ্টিতে এইবাৰ বিকল হৈছে জলসিঞ্চন বিভাগৰ আঁচনি ৷ কিন্তু খবৰহে নাই জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ বৰকুকুৰীয়াৰ জলসিঞ্চন বিভাগৰ আঁচনিখন বহুদিনৰ পৰাই বিকল হৈ পৰি আছে ৷ কোটিটকীয়া এই আঁচনিখনৰ পৰা খেতিয়কৰ বাবে আজিকোপতি খেতিপথাৰত নোলাল পানী ৷ ইফালে খৰালিৰ বাবে বৰষুণৰ অভাৱত খেতিপথাৰত মেলিছে চিৰাল ফাঁট । যাৰ ফলত এতিয়া বড়োধানৰ কঠীয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । যাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

কোটিটকীয়া জলসিঞ্চন আঁচনি এতিয়া মৃতপায় অৱস্থাত

উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনতে বিফল হৈছে ইটোৰ পিছত সিটোকৈ আঁচনি ৷ ৰঙিয়াৰ বৰকুকুৰীয়াৰ জলসিঞ্চন বিভাগৰ এই আঁচনিখনৰ প্ৰায় 95 শতাংশই বৰ্তমান বিকল হৈ পৰি ৰৈছে ৷ বিভিন্ন গোটৰ পৰা ঋণ লৈ খেতিয়কসকলে সিঁচিছিল ধানৰ কঠীয়া ৷ কিন্তু পথাৰত পানী নোহোৱাত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত ৷ খেতিপথাৰৰ কাষতে জলসিঞ্চন আঁচনি পৰি ৰৈছে যদিও সেই আঁচনি এতিয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে ।

কৃষক ৰাইজৰ নামত কোটি কোটি টকাৰ আঁচনি স্থাপন কৰিয়েই দায়িত্ব শেষ কৰিছে জলসিঞ্চন বিভাগে ৷ চৰকাৰৰ এনে আঁচনি ভোগ কৰাৰ আশা বাদ দিছে সৰ্ব-সাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃ সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভাৰ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.