ETV Bharat / state

এগৰাকী চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ তদন্ত - চিকিৎসকৰ বিৰুদ্ধে তদন্ত

আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কাকলি দাস নামৰ এগৰাকী চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই যোৱা ৩০ আগষ্টত মৃত্যুক সাৱটি লৈছিল উৎপল দাস নামৰ এজন যুৱকে ৷ এই অভিযোগ মৃত যুৱকৰ পৰিয়ালৰ ৷ পৰিয়ালৰ লোকে আজাৰা আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে কামৰূপ জিলা স্বাস্থ্য বিভাগৰ তদন্ত কমিটিৰ এটা দলে জেৰা কৰে অভিযুক্ত চিকিৎসক গৰাকীক ৷

চিকিৎসকৰ বিৰুদ্ধে তদন্ত
চিকিৎসকৰ বিৰুদ্ধে তদন্ত
author img

By

Published : Sep 11, 2020, 1:12 PM IST

আজাৰা, 11 ছেপ্তেম্বৰ: যোৱা ৩০ আগষ্টত ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱটি লৈছিল আজাৰাৰ উৎপল দাস নামৰ এজন যুৱকে ৷ অভিযোগ অনুসৰি আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কাকলি দাস নামৰ এগৰাকী চিকিৎসকৰ ভুলৰ বাবেই যুৱকজনে সাৱটি লয় মৃত্যুক ৷ জানিব পৰা মতে, যোৱা 30 আগষ্টত জ্বৰত আক্ৰান্ত হৈছিল আজাৰাৰ ওজাপাৰাৰ 16 বছৰীয়া যুৱকজন ৷ যাৰ বাবে পৰিয়ালে তেওঁক আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিছিল ৷

চিকিৎসকৰ বিৰুদ্ধে তদন্ত স্বাস্থ্য বিভাগৰ তদন্ত কমিটিৰ

যুৱকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি, চিকিৎসক কাকলি দাসে জ্বৰত আক্ৰান্ত যুৱকজনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে দিছিল অশ্লীল গালি-গালাজ ৷ তাৰ পাচতেই অভিযুক্ত চিকিৎসক গৰাকীয়ে যুৱক জনক খাবলৈ দিছিল এটা টেবলেট ৷ টেবলেট খোৱাৰ পাচতেই যুৱকজনৰ মুখৰ পৰা ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত চিকিৎসক গৰাকীয়ে তেওঁক পানবাজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও, চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় যুৱকজনে ৷

চিকিৎসক কাকলি দাসৰ ভুল চিকিৎসাৰ বাবেই যুৱকজনে মৃত্যুক সাৱটি লয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰাৰ লগতে, আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কামৰূপ জিলা স্বাস্থ্য বিভাগৰ তদন্ত কমিটিৰ এটা দল উপস্থিত হয় আৰু কাকলি দাসক জেৰা কৰে ৷ স্বাস্থ্য বিভাগৰ তদন্ত কমিটিয়ে চিকিৎসক কাকলি দাসৰ বিৰুদ্ধে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেইয়া বৰ্তমানেও অৱগত কৰা নাই ৷

লগতে পঢ়ক: পৰিবহন আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.