নিউজ ডেস্ক, 8 মাৰ্চ : আজি আন্তঃৰ্জাতিক নাৰী দিৱস ৷ সমগ্ৰ বিশ্বতে এই দিনটো বিশেষভাৱে পালন কৰা হয়(International Women's Day 2022) ৷ অসমতো নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় ৷ আজিৰ নাৰী যে অপ্ৰতিৰোধ্য, আজিৰ নাৰীয়ে যে যিকোনো কাম হেলাৰঙে সমাধা কৰিব পাৰে তাৰ নিদৰ্শন দাঙি ধৰা হয় মহিলা সকলৰ আগত(International Women's Day celebrated across the state) ৷
ৰঙিয়াত কামৰূপ জিলা সমাজ কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যৌথ উদ্যোগত আন্তঃৰ্জাতিক নাৰী পালন কৰা হয়। ৰঙিয়া কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত উদযাপন কৰা এই কাৰ্যসূচীত নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত আলোচনা কৰা হয় । নগাঁও জিলাৰ কামপুৰতো অসম ৰাজ্যিক জীৱিকা অভিযান কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ত্ৰিনয়ণ মণ্ডল সংগঠনৰ উদ্যোগত আত্মসহায়ক গোটৰ মহিলা সকলে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে এই দিৱস ৷
আন্তঃৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মুছলপুৰ কলেজত আলোচনাচক্ৰ অনুষ্ঠিত কৰে ৷ উক্ত আলোচনা চক্ৰত উপস্থিত থাকি ভাষণ ৰাখে আবৌফৰ প্ৰাক্তন সম্পাদিকা লিলা বসুমতাৰীয়ে ৷ সমাজৰ পৰা নাৰী নিৰ্যাতন আৰু বিশেষকৈ বাল্য বিবাহ বন্ধ কৰা, শিক্ষাৰ লগতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে পুৰুষৰ সমানে নাৰী আগবাঢ়ি যোৱাৰ আহ্বান জনোৱা হয় হোজাইত ৷
নাৰীৰ সমমৰ্যদা,সম অধিকাৰৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি শিৱসাগৰৰ ৰংঘৰ চাৰিআলিস্থিত দিবাংগ শিশুৰ একমাত্ৰ অনুষ্ঠান কৌমুদালয়ৰ উদ্যোগত আৰু একাংশ আত্মসহায়ক গোটৰ সহযোগত আজি আন্তঃৰ্জাতিক 'নাৰী দিৱস' উদযাপন কৰা হয় । বঙাইগাওঁ জিলাৰ চৌৰাগুৰী গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আইভেলি চি এল এফ আৰু মাণিকপুৰস্থিত জিলা পৰিষদৰ. প্ৰেক্ষাগৃহত মানাহ ভেলি চি এল এফৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় ।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সৌজ্যানত কলগছিয়াৰ ৰূপহী উন্নয়ন খণ্ডৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত আন্তঃৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে মহিলা আৰু শিশু সুৰক্ষাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয় ।
আন্তঃৰ্জাতিক নাৰী দিৱসৰ দিনটোতে ধেমাজি নগৰৰ ৰাজপথত প্ৰতিবাদত নামিল প্ৰায় তিনিশতাধিক প্ৰতিবাদী মহিলাই ৷ বিভিন্ন ন্যায’ প্ৰাপ্তিৰ দাবী আৰু চৰকাৰ বিৰোধী উদাত্ত শ্ল’গানেৰে মুখৰ কৰি তুলিলে আকাশ বতাহ ৷ ধেমাজি জিলা অংগনৱাড়ী কমী’ আৰু সহায়িকা সকলে চৰকাৰ বিৰুদ্ধে ৰূপায়ন কৰে এই প্ৰতিবাদী কাযসূচী ৷
সোণাৰি বাণিজ্য মহাবিদ্যালয়তো পালন কৰা হয় আন্তঃৰ্জাতিক নাৰী দিৱস। মহাবিদ্যালয় খনৰ NSS ইউনিট আৰু মহিলা কোষৰ উদ্যোগত পালন কৰা হয় আন্তঃৰ্জাতিক নাৰী দিৱস। কুশলে থাকক সমাজৰ নাৰী সকল ৷ ইটিভি ভাৰত অসমৰ তৰফৰ পৰাও প্ৰতিগৰাকী নাৰীলৈ শুভেচ্ছা জনালোঁ ৷
লগতে পঢ়ক : International Women's Day: "Amul Power of W-Women of Amul"ৰ ধাৰণাৰে নাৰী দিৱস