ETV Bharat / state

ৰঙিয়া ৰেল ষ্টেচন চৌহদত অমানৱীয় কাণ্ড - ৰঙিয়া ষ্টেচন ৰোডৰ 30 বছৰীয়া যুৱক অনুকূল দাস

ৰঙিয়া ৰেলৱে পলিক্লিনিক হাস্পতাল কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই প্ৰাণ গল এজন দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ ৷ এই অভিযোগ মৃত যুৱকজনৰ পৰিয়ালৰ ৷

inhuman-incident-at-rangia-railway-station-premises
ৰঙিয়া ৰেল ষ্টেচন চৌহদত অমানৱীয় কাণ্ড
author img

By

Published : Aug 23, 2021, 10:16 PM IST

ৰঙিয়া,23 আগষ্ট: ৰঙিয়া ৰেল ষ্টেচন চৌহদত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা এজন যুৱকক চিকিৎসা কৰিবলৈ অমান্তি ৰেলৱে হাস্পতালৰ ৷ যাৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে । আনকি সংকটজনক অৱস্থাত নলা এটাত পৰি থকা যুৱকজনক অন্য চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ৰেলৱে হাস্পতালৰ স্বাস্থ্য কৰ্মীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰেলৱে হাস্পতালৰ এনে অমানৱীয় কাণ্ডত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ ৷

প্ৰাপ্ত খবৰ মতে, মৃত যুৱকজন হৈছে ৰঙিয়া ষ্টেচন ৰোডৰ 30 বছৰীয়া যুৱক অনুকূল দাস ৷ মৃতকৰ মাতৃ আৰু পত্নীয়ে অভিযোগ কৰা মতে, পুৱা ঘৰৰ পৰা ওলাই অহা অনুকূলে ৰঙিয়া ৰেলৱে পলিক্লিনিক হাস্পতালৰ সমীপত হঠাৎ অসুস্থ হৈ এটি নলাত পৰি যায় ৷ এই বিষয়ে পৰিয়াল অৱগত হোৱাত ততালিকে যুৱকজনৰ মাতৃ আৰু পত্নী দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৷ মাতৃ আৰু পত্নীয়ে সংকটজনক অৱস্থাত যুৱকজনক তাৎক্ষণিক চিকিৎসা কৰাৰ বাবে সমীপতে থকা হাস্পতালত কৰ্তবৰত স্বাস্থ্য কৰ্মীক আহ্বান জনায় ৷

ৰঙিয়া ৰেল ষ্টেচন চৌহদত অমানৱীয় কাণ্ড

কিন্তু তেওঁলোকে এইয়া ‘পুলিচ কেচ’ বুলি কৈ চিকিৎসা কৰিবলৈ অমান্তি হয় ৷ আনকি মাতৃয়ে ৰেলৱে হাস্পতলখনত গৈ হাতযোৰ কৰি অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে কাকূতি-মিনতি কৰে যদিও যুৱকজনৰ চিকিৎসা কৰাৰ পৰা বিৰত থাকে ৰেলৱে হাস্পতালত কৰ্মৰত চিকিৎসা কৰ্মী সকল ৷

ইয়াৰ পিছত অসহায় মাতৃ আৰু পত্নীয়ে এখন ই-ৰিক্সাৰে সংকটজনক অৱস্থাত যুৱকজনক অন্য হাস্পতাললৈ নিব বিচাৰে যদিও ৰেলৱে হাস্পতাল কৰ্তৃপক্ষই বাধা দিয়ে । এয়া 'পুলিচ কেচ' বুলি কৈ পুনৰ বাধা দিয়াত মাতৃয়ে নিজৰ পুত্ৰক সংকটজনক অৱস্থাত ৰখি থাকিব লগা হয় । ইয়াৰ কিছু সময় পিছতে যুৱকজনে মৃত্যুক সাৱটি লয় । ৰেলৱে বিভাগৰ এনে অমানৱীয় কাণ্ডৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি মাতৃ আৰু পত্নীয়ে অভিযোগ কৰিছে ৷

লগতে পঢ়কঃ তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

ততালিকে উপযুক্ত চিকিৎসা লাভ কৰিলে হয়তো যুৱকজনৰ জীৱন ৰক্ষা পৰিল হেঁতেন বুলি আক্ষেপ প্ৰকাশ কৰে পৰিয়ালে । ইফালে একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ আৰু পত্নীৰ লগতে এটি কনমাণি পুত্ৰ থকা এই পৰিয়ালটো ৷ ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়কঃ Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.