ETV Bharat / state

ৰঙিয়াত স্থাপনৰ দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ

author img

By

Published : Sep 5, 2021, 12:53 PM IST

উদ্যোগ ক্ষেত্ৰলৈ আহিছে এক সু-খবৰ ৷ গুজৰাটৰ পাচতে ৰঙিয়াত স্থাপন হোৱাৰ দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ ৷ ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ আনুসংগিক কাম-কাজ ৷

india's second expired vehicle disposal center
অসমত স্থাপন হোৱা দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ

ৰঙিয়া, 5 ছেপ্তেম্বৰ : অসম তথা ৰঙিয়াবাসীৰ বাবে এক ভাল খবৰ ৷ ৰঙিয়াত স্থাপন হ’ব ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ । ৭৫ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়াৰ মৰাণজানাত স্থাপন হ’ব পুৰণি যান-বাহন নষ্টকৰণ কেন্দ্ৰটো ।

পৰিবহন বিভাগ আৰু ৰঙিয়াৰ কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানীৰ মাজত সম্পন্ন হৈছে এই চুক্তি । ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই প্ৰস্তাৱ ৷ পৰিস্থিতিৰ ফালৰ পৰা সকলো যদি ঠিকে থাকে, তেন্তে এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ভাৰতৰ ভিতৰত দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰটো ।

এই কেন্দ্ৰটোত প্ৰত্যক্ষভাৱে ১০০ গৰাকী নিবনুৱা যুৱক-যুৱতী আৰু পৰোক্ষভাৱে ৫০০ গৰাকী নিবনুৱা যুৱক-যুৱতীয়ে নিয়োগৰ সুবিধা লাভ কৰিব । এক প্ৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰটো ইতিবাচক দিশ হিচাপে বিবেচিত হ’ব এই কেন্দ্ৰটো ৷

উদ্যোগ ক্ষেত্ৰলৈ সু-খবৰ

লগতে পঢ়ক: কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

শুকুৰবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই কথা ৷ আয়ুসকাল উকলি যোৱা পুৰণি দুচকীয়া বাহনৰ পৰা ১৮ চকীয়া বাহন পৰ্যন্ত এই কেন্দ্ৰটোত নষ্টকৰণ কৰা হ’ব ‌। লগতে সকলো ধৰণৰ ইলেকট্ৰ’নিক যন্ত্ৰ-পাতিও নষ্ট কৰা হ’ব কেন্দ্ৰটোত । এই তথ্য সদৰী কৰিছে ৰঙিয়াৰ কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানীৰ স্বত্বাধীকাৰী দিলীপ গোৱেংকাই ৷

ৰঙিয়াত স্থাপন হ’ব ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথমটো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ স্থাপন হৈছিল গুজৰাটত । এইবাৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ স্থাপন হ’বলৈ গৈ আছে ৰঙিয়াৰ মৰাণজানাত ৷ উদ্যোগ ক্ষেত্ৰৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে আনিছে আশাৰ ৰেঙণি ৷

লগতে পঢ়ক: আমগুৰিত শিক্ষক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.