ETV Bharat / state

পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমাণৰ নাট্যযাত্ৰা ! - ২০১৯-২০ বৰ্ষৰ বাবে সাজু ইতিহাস থিয়েটাৰ

২০১৯-২০ বৰ্ষৰ বাবে সাজু ইতিহাস থিয়েটাৰ৷ শুকুৰবাৰে নিশা আনুষ্ঠানিকভাৱে বৰ্ষটোৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটে ইতিহাস থিয়েটাৰৰ ৷

পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমাণৰ নাট্যযাত্ৰা !
author img

By

Published : Aug 17, 2019, 12:43 PM IST

দক্ষিণ কামৰূপ, 17 আগষ্টঃ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ দলসমূহ । সমান্তৰালকৈ বৰ্ষটোৰ বাবে সাজু হৈ উঠিছে ইতিহাস থিয়েটাৰ । শুকুৰবাৰে নিশা আনুষ্ঠানিকভাৱে বৰ্ষটোৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটে ইতিহাস থিয়েটাৰৰ । দক্ষিণ কামৰূপৰ মিৰ্জাত বছৰটোৰ প্ৰথমখন নাটকৰ আৰম্ভণি ঘটে ইতিহাস থিয়েটাৰৰ । আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই ৷ তাৰপিছতেই অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে মঞ্চৰ মুকলি কৰে ।

পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমাণৰ নাট্যযাত্ৰা !

আনহাতে এই ভ্ৰাম্যমাণ জগতখন জীয়াই ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই অসম চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হৈ বিশেষ আচনিৰ কথা চিন্তা চৰ্চা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ ইতিহাস থিয়েটাৰে এইবাৰ অভিজিত ভট্টাচাৰ্যৰ 'তেজে ধোৱা মানুহ',চম্পক শৰ্মাৰ 'দানৱ' আৰু ধ্ৰুৱ শৰ্মাৰ 'এই মোৰ শেষ গান' নামৰ তিনিখন নাটক অসমবাসী ৰাইজক উপহাৰ দিব । প্ৰথমটো পেণ্ডেলৰ প্ৰথমটো দৰ্শনীতে ৰাইজৰ সহাঁৰি দেখি অভিভূত হৈ পৰে অভিনেতা-অভিনেত্ৰীসকল । এইবৰ্ষৰ নাটসমূহত অভিনয় কৰিছে চম্পক শৰ্মা,অংকিতা শইকীয়া,ননী দেৱী,অঞ্জলী চেত্ৰী,জেফ্ৰী বক্সী,দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ।

Intro:পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা ! ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়টাৰ দলসমুহ । আজিৰে পৰা ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ ।
Body:Vo..পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা ! ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়টাৰ দলসমুহ । আজিৰে পৰা ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । যোৱানিশা আনুস্থানিকভাৱে বৰ্ষটোৰ বাবে নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটিল ইতিহাস থিয়টাৰৰ । দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰথমখন থিয়েটাৰৰ পেণ্ডেলত নাট্যৰাম্ভ ঘটে ইতিহাস থিয়টাৰৰ । আনুস্থানিক শুভাৰম্ভণি অনুস্থানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই তাৰপিছতে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে মঞ্চৰ ফিটা কাটি আনুষ্ঠানিক মঞ্চ মুকলি কৰে । আনহাতে পৰমানন্দ ৰাজবংশীয়ে অসমৰ এই ভ্ৰাম্যমান জগতখন জীয়াই ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই অসম চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হৈ এক বিশেষ আচনিৰ কথা চিন্তা চৰ্চা কৰা বুলি জনায় ।

Bite1..নিতুমনি শইকীয়া ।
Bite2..পৰমানন্দ ৰাজবংশী ।

ইতিহাস থিয়েটাৰে এইবাৰ অভিজিত ভট্টাচাৰ্যৰ 'তেজে ধোৱা মানুহ',চম্পক শৰ্মাৰ 'দানৱ' আৰু ধ্ৰুৱ শৰ্মাৰ 'এই মোৰ শেষ গান' নামৰ ৩ খন নাট অসমবাসী ৰাইজক উপহাৰ দিব । প্ৰথমটো পেণ্ডেলৰ প্ৰথমটো দৰ্শনীতে ৰাইজৰ সহাঁৰি দেখি অভিভুত হৈ পৰে অভিনেতা-অভিনেত্ৰীসকল ।

Bite3..চম্পক শৰ্মা ।
Bite4..অংকিতা শইকীয়া ।
Conclusion:এইবৰ্ষৰ নাটসমুহত অভিনয় কৰিছে চম্পক শৰ্মা,অংকিতা শইকীয়া,ননী দেৱী,অঞ্জলী চেত্ৰী,জেফ্ৰী বক্সী,দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.