ৰঙিয়া,৩ ফেব্ৰুৱাৰী : 'ছাত্র জীৱনত শাৰীৰিক শিক্ষা তথা খেল-ধেমালিয়ে ছাত্র-ছাত্ৰীসকলৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায় । কিন্তু সময় সলনি হোৱাৰ লগে লগে পূৰ্বৰ বিদ্যালয় সপ্তাহ সলনি হৈ বৰ্তমান ৩ দিনতে শেষ হয় । আনহাতে অভিভাৱকসকলেও প্ৰতিযোগিতাৰ দৌৰত সোমাই সন্তানক কেৱল অধ্যয়নৰ বাবে জোৰ দিয়া হৈছে ।' এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মা ।
ৰঙিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত এক সভাত একলব্য জুনিয়ৰ একাডেমী নামৰ এখন শিক্ষানুষ্ঠানৰ শুভ উদ্বোধন কৰা হয় (Inauguration of Ekalavya Junior Academy in Rangia)।
শুভ উদ্বোধন কৰি শিক্ষাবিদগৰাকীয়ে কয় যে যিটো সময়ত মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে ছাত্র-ছাত্ৰীসকলৰ মানসিক জগতখনত বিৰূপ প্ৰভাৱ পেলাইছে তেনে সময়ত মুকলি আকাশৰ তলৰ খেল-ধেমালিসমূহে ছাত্র-ছাত্ৰীসকলক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে আগবাঢ়ি যোৱাত সহায় কৰে । ইয়াৰ উপৰিও পঢ়াৰ সলনি ছাত্র বা ছাত্ৰীৰ যদি আন আন দিশত প্ৰতিভা থাকে তেতিয়া অভিভাৱকসকলে সমৰ্থন আগবঢ়োৱাটো উচিত বুলি উল্লেখ কৰে শিক্ষাবিদগৰাকীয়ে ।
নতুনকৈ স্থাপন হোৱা একলব্য একাডেমীৰ উদ্বোধনী অনুষ্ঠানটোত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গিৰিজানন্দ ভট্টাচাৰ্য্য, পূৱ কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক পবিণ কলিতা, বিশিষ্ট সমাজকৰ্মী নৰেন্দ্ৰ শৰ্মা, ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা কবি উজ্বল ডেকাৰ লগতে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক বংশী কলিতা, ৰঙিয়াৰ সাহিত্য জগতৰ লগত জড়িত ড৹ ৰুণুমী দত্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Ekalavya Junior Academy inauguration)।
নতুন শিক্ষাবৰ্ষৰ পৰা পাঠদান আৰম্ভ হ'বলগীয়া কনিষ্ঠ মহাবিদ্যালয়খনত বৰ্তমান কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠদান আৰম্ভ হ'ব । লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবেও সুকীয়াকৈ পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰী নীতি অনুসৰি আৰ্থিকভাৱে দুৰ্বল কিন্তু মেধাৱী ছাত্র-ছাত্ৰীসকলক বিনামূলীয়াকৈ শিক্ষাদানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা কৰা হৈছে বুলি জনাইছে কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক :Gunotsav 2023 : নিজে পঢ়া বিদ্যালয়ৰ গুণোৎসৱত বিধায়ক মৃণাল শইকীয়া