আমিনগাঁও, 12 মে' : শুৱালকুছিত এতিয়া চলিছে নীলা কেৰাচিনৰ ক'লা বজাৰ। অধিক মূল্যত কেৰাচিন বিক্ৰী হৈছে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত সুলভ মূল্যৰ দোকানত। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বামুণ শুৱালকুছি গ্ৰাহক সমবায় ভাণ্ডাৰ লিমিটেড আৰু শুৱালকুছি কৈৱৰ্তপাৰা অনুসূচিত গ্ৰাহক সমবায় লিমিটেডত।

যিটো সময়ত অন্য চৰকাৰী সুলভ মূল্যৰ দোকানে নীলা কেৰাচিন ৩০ ৰ পৰা ৩৫ টকাত গ্ৰাহকক যোগান ধৰে তেনে সময়তে এই দুখন ভাণ্ডাৰে গ্ৰাহকক নীলা কেৰাচিন বিক্ৰী কৰি আহিছে প্ৰতিলিটাৰত ৪৫ টকা দৰত। কৰ'ণা মহামাৰীৰ প্ৰভাৱত সাধাৰণ ৰাইজ আৰ্থিকভাৱে ভাগি পৰাৰ সময়তে দৰিদ্ৰ ৰাইজক কেৰাচিন বিক্ৰীৰ নামত মাধমাৰ দিয়া কাৰ্যই চকু কপালত তুলিছে সচেতন মহলৰ। অতিষ্ঠ গ্ৰাহকে এতিয়া বিচাৰিছে যোগান বিভাগৰ হস্তক্ষেপ।
আনহাতে, গ্ৰাহকৰ অভিযোগ অনুসৰি বামুণ শুৱালকুছি গ্ৰাহক সমবায় ভাণ্ডাৰ লিমিটেডে নিয়মীয়াকৈ গ্ৰাহকক যোগান নধৰে কেৰাচিন।
লগতে পঢ়ক : সমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !