ETV Bharat / state

ক’ত প্ৰস্তুত হয় বাৰু আপোনাৰ প্ৰিয় আইচ ক্ৰীম ? - Ice cream prepared in very unhealthy environments

এতিয়া উৎকট গৰমৰ দিন ৷ গৰমৰ দিনত আপোনাৰ অথবা আপোনাৰ সন্তানৰ আইচ ক্ৰীম অথবা বৰফ প্ৰিয় খাদ্য নেকি ? যদি এনে খাদ্য গ্ৰহণ কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে...

Dirty Ice Cream Factory at Changsari
ক’ত প্ৰস্তুত হয় আপোনাৰ প্ৰিয় আইচ ক্ৰীম
author img

By

Published : May 31, 2022, 6:58 PM IST

বাইহাটা, 31 মে’ : উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন জুলীয়া পানীৰ সুৱাদ নিশ্চয় আপুনি লৈছে ৷ আনকি আপোনাৰ বাবে আপোনাৰ সন্তানটিৰ গৰম দিনৰ প্ৰিয় খাদ্য আইচ ক্ৰীম নেকি ?

তেন্তে এতিয়াৰে পৰা সাৱধান হওক ৷ পৰিহাৰ কৰক এই অভ্যাস । নতুবা আপুনি অথবা আপোনাৰ পৰিয়ালটো পৰিব পাৰে ভয়ংকৰ বিপদত । কিয়নো আজিৰ এই বাতৰিত এনে এটা আইচ ক্ৰীম কোম্পানীৰ কথা ক’ম, য’ত অতি নিম্নমানৰ আইচ ক্ৰীম প্ৰস্তুত কৰা হয় ৷

এই কোম্পানীটো আছে চাংসাৰিৰ এইমছৰ সমীপৱৰ্তী জালাহ গাঁৱৰ ৷ আপুনি নেদেখিলে হয়তো ধৰিবই নোৱাৰিব যে, নামী-দামী শ্ব’ ৰুমত থকা বিভিন্ন ব্ৰেণ্ডৰ আইচক্ৰীম এয়া (Ice cream prepared in very unhealthy environments) ৷ শৌচালয়ৰ সন্মুখত অতিকে দুৰ্গন্ধময় আৰু লেতেৰা পৰিৱেশত ৰখা হৈছে নামী-দামী বিভিন্ন ব্ৰেণ্ডৰ এই আইচক্ৰীমসমূহ ৷ চাৰিওকাষৰ পৰিৱেশৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাই আইচক্ৰীম প্ৰস্তুতৰ্কতাসকলৰ ৷

ক’ত প্ৰস্তুত হয় আপোনাৰ প্ৰিয় আইচ ক্ৰীম

ডাইলেণ্ড নামৰ কোম্পানীটোত তৈয়াৰ কৰা আইচক্ৰীম এয়া ৷ এই দৃশ্যই এতিয়া চকু কপালত তুলিছে সাধাৰণ লোকৰ ৷ একাংশ বহিৰাগত প্ৰতিষ্ঠানে এক অস্বাস্থ্যকৰ পৰিৱেশত এনেদৰেই আইচক্ৰীম তৈয়াৰ কৰি ৰাইজক খুৱাই আছে বৰবিহ ৷

চৰকাৰৰ বিয়াগোম খাদ্য সুৰক্ষা বিভাগৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ জনস্বাস্থ্যৰ সৈতে হেতালি খেলিছে এইসমূহ কোম্পানীয়ে ৷ এইখিনিতে প্ৰশ্ন হয় কেনেদৰে এইসমূহ কোম্পানীয়ে লাভ কৰি আহিছে খাদ্য সুৰক্ষা বিভাগৰ (Food Safety Department) লাইচেঞ্চ ৷ সেয়াও হয়তো আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ স্থানীয় ৰাইজে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে ৷

এই প্ৰতিবেদন পঢ়াৰ পাচত এতিয়া মাথো বিচাৰ আপোনাৰ ৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এনেধৰণৰ বৰবিহ খাবনে ? পাৰিবনে সকলো জনাৰ পিছত বজাৰত সহজে উপলব্ধ এটি আইচক্ৰীম আপোনাৰ সন্তানৰ হাতত তুলি দিবলৈ ? নে এগৰাকী সচেতন অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি এনে অসাধু ব্যৱসায় বন্ধ কৰিবলৈ ওলাই আহিব ৷

লগতে পঢ়ক : কাঠপেঞ্চিলত বিভিন্ন ভাস্কৰ্য স্থাপনেৰে দৃষ্টি আকৰ্ষণ মহানগৰীৰ যুৱতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.