ৰঙিয়া, 5 এপ্ৰিল : ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে ৰঙিয়া আৰক্ষীৰ জালত পৰিছে এটা আফিং সৰবৰাহকাৰী ৷ আটকাধীন আফিং সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ আফিং (Oppium seized at Rangia) ৷ জানিব পৰা মতে, জব্দকৃত আফিংখিনিৰ মূল্য কেইবালক্ষাধিক ৷
ঘটনাৰ বিৱৰণি অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ৰঙিয়াত চলাই এক অভিযান ৷ এই অভিযান কালত ৰঙিয়া আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ আফিংসহ আটক কৰে এজন লোকক ৷ আটকাধীন লোকজন ৰঙিয়াৰ উদিয়ানাৰ লোহিত কলিতা বুলি জানিব পৰা গৈছে ৷
ধৃত যুৱকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কেজি ৮৫০ গ্ৰাম আফিং (1kg 850 g seized at Rangia) ৷ লগতে জব্দ কৰে নগদ ধন, কেইবাটাও আফিঙৰ পেকেট আৰু দুটা ম’বাইল । আৰক্ষীয়ে সদৰী কৰা অনুসৰি, জব্দকৃত আফিংখিনিৰ মূল্য কেইবালক্ষাধিক ৷ বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত আছে আফিং সৰবৰাহকাৰী লোহিত কলিতাক ৷
এই ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আটকাধীন লোহিত কলিতাক ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : মৰিগাঁৱত পৃথকে পৃথকে আটক জুৱাৰী-ড্ৰাগছ সৰৱৰাহকাৰী