ETV Bharat / state

কমলপুৰত নিৰ্বাচনী ৰণডংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By

Published : Mar 26, 2021, 5:44 PM IST

ৰাজ্যত পুনৰ উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শুকুৰবাৰে চাৰিখনকৈ নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী ৷ প্ৰথমে কমলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলালে অমিত শ্বাহে ৷ কমলপুৰৰ বিশাল জন সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু আজমলক তীব্ৰ সমালোচনা কৰে ৷

কমলপুৰত নিৰ্বাচনী ৰণডংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে
কমলপুৰত নিৰ্বাচনী ৰণডংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

বাইহাটা,26 মাৰ্চ: শনিবাৰে ৰাজ্যত পুনৰ উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চাৰিখনকৈ নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী ৷ প্ৰথমে কমলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলালে অমিত শ্বাহে ৷ কমলপুৰৰ বিশাল জন সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু আজমলক তীব্ৰ সমালোচনা কৰে ৷ আজমলক অসমৰ আধুনিক কালাপাহাৰ আখ্যা দি, অসমত ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমল মিলিত হৈ কালাপাহাৰৰ সন্ত্ৰাস সৃষ্টি কৰিব বুলিও উল্লেখ কৰে ৷

লগতে গৃহমন্ত্ৰী গৰাকীয়ে কয়, পুনৰ অসমত কংগ্ৰেছ চৰকাৰ হ'লে ৰাহুল গান্ধীয়ে বদৰুদ্দিন আজমলক ভাৰতৰত্ন প্ৰদান কৰিব । অমিত শ্বাহে মহাজোঁটক কটাক্ষ কৰি কয়,ৰাহুল গান্ধীৰ মতে বদৰুদ্দিন আজমল অসমৰ পৰিচয়। কিন্তু বিজেপি চৰকাৰে বদৰুদ্দিন আজমলক অসমৰ পৰিচয় হ'ব নিদিয়ে ৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'লে বান মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে গৃহমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.