কামৰূপ,21 মাৰ্চ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ বঙৰাতো উদযাপন দৌল উৎসৱ । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাৰ কোছপাৰা 2নং বংশীগোপাল গোঁসাইঘৰত উলহ-মালহৰে উদযাপন কৰা হৈছে 12 তম দৌল উৎসৱ ।
পৰম্পৰা অনুসৰি , কৃষ্ণক মণিকুট গৃহৰ পৰা উলিয়াই দৌলৰ চোতালত নোৱাই-ধুৱাই ধৰ্মীয় ৰীতি-নীতিৰে পূজা-পাতল কৰাৰ পাচত দৌল যাত্ৰাৰ বাবে উলিয়াই নিয়া হয় ৷