ETV Bharat / state

বেদখলকাৰীৰ কবলত প্ৰায় পাঁচশ বছৰীয়া ঐতিহাসিক আৰিমত্ত গড় - ঐতিহাসিক আৰিমত্ত গৰ

বেদখলকাৰীৰ কবলত প্ৰায় পাঁচশ বছৰ পুৰণি ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ এনিশাৰ ভিতৰতে দুস্কৃতিকাৰীয়ে ঐতিহাসিক কীৰ্তিচিহ্নতো কাটি উলিয়াই লৈছে ৰাস্তা ।

historical-arimatta-garh-of-rangia-is-under-illegal-acquisition-
বেদখলকাৰীৰ কবলত প্ৰায় পাঁচশ বছৰীয়া ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়
author img

By

Published : Jun 17, 2021, 2:18 PM IST

ৰঙিয়া, 17 জুন : পুনৰ বেদখলকাৰীৰ কবলত পৰিল প্ৰায় পাঁচশ বছৰ পুৰণি ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ ৰাতিটোৰ ভিতৰতে দুস্কৃতিকাৰীয়ে অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ এই গড়টো কাটি উলিয়াই লৈছে ৰাস্তা । প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহল গড়টো কোনোধৰণৰ চৰকাৰী অনুমতি অবিহনে কাটি পেলোৱাৰ ঘটনাই তাৎপৰ্য বহন কৰিছে ৷

উল্লেখযোগ্য যে, বুধবাৰে গড়টোৰ পাৰত বাস কৰা কিছুলোকে ঘৰলৈ যাবৰ বাবে পথৰ দুৰত্ব হ্ৰাস কৰিবলৈ গড়ৰ একাষে দীঘলীয়াকৈ মাটি কাটি লৈ যায় । বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজৰ মাজত খবৰটো বনজুইৰ দৰে বিয়পি পৰাত ৰাইজ ঘটনাস্থলীত উপস্থিত হয় । বৈদ‍্যগৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি লিটন কলিতা আৰু শাসকীয় দলৰ বহুকেইগৰাকী নেতা-কৰ্মী উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

বেদখলকাৰীৰ কবলত প্ৰায় পাঁচশ বছৰীয়া ঐতিহাসিক আৰিমত্ত গড়

বিষয়টো সন্দৰ্ভত ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছে অঞ্চলটোৰ গাঁওবুঢ়াই । বহু সময়ত গড়টোত থকা আপুৰুগীয়া গছ-গছনি কাটি তহিলং কৰাৰ লগতে ঘৰৰ ভেটি বনাবলৈকো বহুলোকে ইয়াৰ মাটি কাটি লৈ যায় বুলিও সততে অভিযোগ উত্থাপিত হৈ আহিছে । অঞ্চলটোৰ লগতে অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন এই গড়টো সংৰক্ষণৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া হোৱা নাই বুলি আপত্তি জনাইছে উপস্থিত ৰাইজে ।

লগতে পঢ়ক : এতিয়াৰে পৰা আমাজানত উপলব্ধ ক’ভিড টেষ্ট কিট্​

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.