ৰঙিয়া, 17 ডিচেম্বৰ: ১১৩৮ খৃষ্টাব্দৰ পৰা ১১৮৫ খৃষ্টাব্দলৈ কামৰূপ তথা প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰা ৰজা বৈদ্যদেৱে পোনপ্ৰথমে নিৰ্মাণ কৰোৱাইছিল ঐতিহাসিক গড়টো ৷ যাৰ বাবে গড়টো বৈদ্যগড় নামেৰে জনাজাত ৷ একাংশৰ মতে, গড়টো পৰৱৰ্তী সময়ত জিতাৰি বংশৰ ৰজা আৰিমত্তই পুনৰ নিৰ্মাণ কৰোৱাৰ বাবে আৰিমত্ত গড় নামেৰেও জনাজাত ৷
বুৰঞ্জীৰ তথ্য অনুসৰি,গৌড় ৰাজকুমাৰ পাল সেনাপতি বৈদ্যদেৱে কামৰূপৰ পশ্চিম অংশ জয় কৰি কমতাপুৰ নামে সুকীয়া স্বাধীন ৰাজ্য ঘোষণাৰে নিজৰ ৰাজ্য ৰক্ষাৰ বাবে ১১৪২ খ্ৰীষ্টাব্দত বেতনাত ৰাজধানী পাতে ৷ সেই অনুসৰি গড়টো পূৱৰ পৰা পশ্চিমলৈ ছয় মাইল দৈৰ্ঘ আৰু উত্তৰৰ পৰা পৰা দক্ষিণলৈ প্ৰায় চাৰি মাইল প্ৰস্থৰে নিৰ্মাণ কৰে সমসাময়িক ৰজাগৰাকীয়ে৷ পৰৱৰ্তী সময়ত ১৩৬৫ খ্ৰীষ্টাব্দত ৰজা আৰিমত্তই গড়টো পুনৰ নিৰ্মাণ কৰি ৰাজধানী বেতনাৰ পৰা আয়ত আকাৰ গড়ৰ ভিতৰলৈ অৰ্থাৎ বৰ্তমানৰ ৰঙিয়ালৈ স্থানান্তৰ কৰে ৷ 12 খন ৰাজহ গাঁৱেৰে ভৰা গড়টোৰ পৰিসীমাৰ মুঠ মাটিকালিৰ পৰিমাণ ২৮,৯৬০ বিঘা, ৯ কঠা, ১৬ লোচা ৷
কিন্তু কেইবা শতিকা পুৰণি সেই গড় আজি ধ্বংসৰ গৰাহত ৷ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথে কেইবাঠাইতো প্ৰচ্ছেদ কৰা গড়টোৰ পৰা প্ৰায়ে স্থানীয় ৰাইজৰ লগতে অন্য লোকে মাটি কাটি লৈ যায় ৷ লগতে গড়টোত থকা ঔষধি গছ আৰু মূল্যবান গছসমূহো নিশাৰ এন্ধাৰৰ সুযোগ লৈ একাংশই কাটি নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গড়টো সংৰক্ষণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই শাসনৰ গাদীত অধিস্থিত লোকসকলে ৷ যদি চৰকাৰে গড়টো সংৰক্ষণৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰে তেন্তে অনাগত দিনত সেই স্থান পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত হোৱাৰ বহু থল আছে ৷ যাৰ বাবে প্ৰয়োজন মাথো সজাগতা আৰু নিৰাপত্তাৰ ৷