ETV Bharat / state

পতঞ্জলি কোভিড চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

বুধবাৰৰ দিনটোত বঙৰাস্থিত পতঞ্জলি কোভিড চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰী শৰ্মাই চিকিৎসালয়খনত উপস্থিত হৈ আছুক কটাক্ষ কৰি পিপিই কিট পৰিধান অবিহনেই কৰ’ণা আক্ৰান্তৰ যত্ন ল’বলৈ অনুৰোধ জনায় ৷

author img

By

Published : Jul 8, 2020, 7:35 PM IST

Himanta biswa sarma visit Covid hospital bongara kamrup assam etv bharat news
পতঞ্জলি কোভিড চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

আজাৰা,8 জুলাই: মহানগৰীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত স্থাপন কৰা হৈছে অন্য এক কোভিড চিকিৎসালয় ৷ কামৰূপৰ বঙৰাস্থিত পতঞ্জলি কোভিড চিকিৎসালয়খনত বুধবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷

আই এম আৰ চিকিৎসকৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত চৰকাৰী চিকিৎসক-নাৰ্চৰ কৰ’ণা ৰোগীক শুশ্ৰুষাৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱা বুলি ব্যক্ত কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মীৰ কথা সুকীয়া বুলি মন্তব্য কৰে । লগতে আইচিএমআৰে জনোৱা অনুসৰি ১৫ আগষ্টৰ পূৰ্বে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক ওলোৱাৰ কোনো সম্ভাৱনা নাই বুলি ব্যক্ত কৰে ৷ ইপিনে, আছুয়ে কৰ’ণা সন্দৰ্ভত নাটকীয় মন্তব্য দিয়া বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰাৰ লগতে সংগঠনটোক কটাক্ষ কৰি পিপিই কিট পৰিধান অবিহনেই কৰ’ণা আক্ৰান্তৰ যত্ন ল’বলৈ অনুৰোধ জনায় ৷

লগতে চাওকঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু কৰ'ণা ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.