ETV Bharat / state

মূল‍্যবৃদ্ধিঃ হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ

author img

By

Published : Oct 27, 2020, 2:04 PM IST

কৰ'ণাৰ আতংকৰ মাজতে অত্যাৱশ্যকীয় খাদ‍্য সামগ্ৰীৰ মূল‍্যবৃদ্ধিয়ে কোঙা কৰিছে ৰঙিয়াৰ সৰ্বসাধাৰণ ৰাইজক ৷ শাক পাচলিকে আদি কৰি সকলো লাগতিয়াল সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত মুৰে কঁপালে হাতে দিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷

High Prises All Goods in Rangia District
মূল‍্যবৃদ্ধিঃ ৰঙিয়াত হাহাকাৰ ৰাইজৰ

ৰঙিয়া, 27 অক্টোবৰঃ কৰ'ণাৰ আতংকৰ মাজতে খাদ‍্য সামগ্ৰীৰ মূল‍্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। দিনে দিনে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশ লংঘি মূল্যবৃদ্ধি হোৱাৰ পিছতো চৰকাৰ তথা যোগান বিভাগৰ মন্ত্ৰী ফনীভুষণ চৌধুৰীয়ে মূল্য়বৃদ্ধি ৰোধ কৰিবলৈ কোনো বিহিত ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে সাধাৰন ৰাইজ ৷

আনহাতে, খাদ‍্যসামগ্ৰীৰ মুল‍্যবৃদ্ধিৰ বাবে খুচুৰা বিক্ৰেতা সকলো বিপদত পৰিছে। এগৰাকী খুচুৰা বিক্ৰেতাই সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, পাইকাৰী ব্যৱসায়ী সকলে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ অধিক মুল্য বৃদ্ধি কৰিছে ৷ সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি হোৱাৰ বাবে খুচুৰা ব্যৱসায়ী সকলে গ্ৰাহক সকলক উচ্চ মূল্যত বিক্ৰী কৰিব লগীয়া হৈছে। ইতিমধ্যে প্ৰতি কিলো পিয়াঁজত 75-80 টকা হোৱাৰ বিপৰীতে আলুৰ প্ৰতিকিলোগ্ৰামৰ দৰ 50 টকা হৈছেগৈ। তাৰোপৰি পটল, বিলাহী, টিয়হৰ দামো 60-ৰ পৰা 70 টকা আৰু প্ৰতি কিলোগ্ৰাম দাইলৰ দৰ 100-120 টকা পৰ্যন্ত বৃদ্ধি পাইছে ।

অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশ লংঘি মূল্যবৃদ্ধি পোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ ৷ সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান বিভাগে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.