ETV Bharat / state

জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী - remdesivir injection

শুকুৰবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনত ক'ভিড ৰোগীৰ বাবে থকা উপযুক্ত বিচনা, ক’ভিড প্ৰতিষেধক আৰু ‘ব্লেক ফাংগাছ’ৰ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷

health minister keshab mahanta press meet
ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সংবাদমেল
author img

By

Published : May 22, 2021, 11:15 AM IST

গুৱাহাটী, 22 মে' : ৰাজ্যখত বৰ্তমান ক'ভিড ৰোগীৰ বাবে আছে মুঠ ১৩,৮৬৩ খন বিচনা । ইয়াৰে ৭৮৭ খন বিচনা আই চি ইউ যুক্ত আৰু ১,৯২২ খন অক্সিজেনযুক্ত । গুৱাহাটী মহানগৰীত ক'ভিড ৰোগীৰ বাবে ২,৫২০ খন বিচনা থকাৰ লগতে ৩০০০ খন বিচনা প্ৰায় সাজু কৰি তোলা হৈছে ৷ বৰ্তমান বিচনাৰ ক্ষেত্ৰত সমস্যা হোৱা নাই । শুকুৰবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় ‘‘চৰকাৰে ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যত দৈনিক ১,৬০০ ৰেমডিচিবিৰ বেজীৰ প্ৰয়োজন হয় আৰু স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ১৬,০০০ বেজী মজুত আছে । সেইদৰে অক্সিজেন দৈনিক ৮০ মেট্ৰিক টনৰ প্ৰয়োজন হয় আৰু ইয়াৰে ৭০ মেট্ৰিক টন অসমত উৎপাদন হয় । কেন্দ্ৰীয় চৰকাৰৰ পৰা ক্ৰয় কৰা হয় ৩০-৪০ মেট্ৰিক টন । গতিকে অক্সিজেনৰ অভাৱ হোৱা নাই ৰাজ্যত । অসমত কাৰ্যক্ষম হৈ আছে অক্সিজেনৰ ১৩ টা প্লাণ্ট । আনহাতে, সংক্ৰমণ ৰোধৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে । বিগত কিছুদিনত সংক্ৰমণ ৰোধৰ কিছু ইংগিত পোৱা গৈছে । আমি চিনাক্তকৰণত গুৰুত্ব দিছো আৰু ইয়াৰ বাবে ক'ভিড পৰীক্ষা বৃদ্ধি কৰা হৈছে । বৃহস্পতিবাৰলৈ ৯৮.৭৮ লাখ পৰীক্ষা সম্পন্ন কৰা হৈছে । শনিবাৰলৈ এই সংখ্যাই এক কোটিৰ ঘৰ অতিক্ৰম কৰিব । সম্প্ৰতি সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৫১,৮১৮ গৰাকী । আমি ভাৰত চৰকাৰৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰৰ পৰা সহায় সহযোগ লাভ কৰিছো ।’’

প্ৰতিষেধকৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘জুন মাহৰ পৰা আমি ভালদৰে প্ৰতিষেধক প্ৰদান কৰিব পাৰিম । এতিয়ালৈকে ৪৫ বছৰৰ ঊৰ্ধৰ ৩৫ হাজাৰ লোকক আৰু ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সলৈকে ৭,৩৬,৯৪৪ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । আনহাতে, মৃত্যুৰ হাৰ ৫১-৬০ বছৰ আৰু ৬১-৭০ বছৰ লোকৰ মাজত বেছিকৈ দেখা গৈছে । মৃতকৰ ক্ষেত্ৰত বেছি সংখ্যকে শেষ মূহুৰ্তত চিকিৎসালয়লৈ অহা দেখা গৈছে । তদুপৰি অন্য ৰোগ থকা লোকৰ মৃত্যুৰ হাৰ বেছি ।'

শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰা ‘ব্লেক ফাংগাছ’ৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পাঁচটা বিভাগৰ পাঁচগৰাকী মুৰব্বীয়ে এই সন্দৰ্ভত অধ্যয়ন কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত এছঅ'পি প্ৰকাশ কৰিছে । ব্লেক ফাংগাছ সন্দৰ্ভত সংবাদমেলত বিশেষজ্ঞ চিকিৎসক অধ্যাপক ডাঃ বসন্ত হাজৰিকাই কয় ' এই ফাংগাছটো সকলোতে ঘূৰি থাকে যদিও সকলোকে আক্ৰমণ নকৰে আৰু ই সংক্ৰামক নহয় । কৰ্কট, অংগ সংৰোপন কৰা, ড্ৰাগছ সেৱনকাৰী আদি লোকক এই ভাইৰাছে আক্ৰমণ কৰিব পাৰে । এই ফাংগাছে চাইনাছ আৰু মগজুত আক্ৰমণ কৰে । তদুপৰি হাওঁফাওঁ আৰু ছালত আক্ৰমণ কৰি ক্ষতি সাধন কৰে । ক'ভিডৰ লগত ইয়াৰ কোনো সংযোগ নাই । ইয়াৰ চিকিৎসা আছে আৰু ই নতুন নহয় । ইয়াক লৈ শংকাৰ কোনো কাৰণ নাই । এইটো মহামাৰী নহয় আৰু সহজে কাকো আক্ৰমণ নকৰে । আমি আগতেও এনে ৰোগী পাইছো । এইটো অত্যন্ত বিৰল ৰোগ । একৰ পৰা ডেৰ লাখ লোকৰ ভিতৰত এজনৰ হয় । গতিকে ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই ব্লেক ফাংগাছক লৈ ।’’

আনহাতে সংবাদমেলৰ পাছতে উইচ ফাউণ্ডেশনে ১ কোটি টকা মূল্যৰ পিপিই কিট, চেনিটাইজাৰ, পালচ অক্সিমিটাৰ, থাৰ্মেল স্কেনাৰ, হেণ্ডগ্লভচ আৰু অক্সিজেন কনচেনটেটৰ আদি মন্ত্ৰীগৰাকীৰ যোগেদি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানলৈ আগবঢ়ায় । সংবাদমেলত কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছিল ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.