ETV Bharat / state

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰে অনুৰাগ গোৱেলৰ বৈঠক - ব্যক্তিগত চিকিৎসালয়

গুৱাহাটী মহানগৰীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি মঙলবাৰে মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত প্ৰধান সচিব গৰাকীয়ে ক'ভিডত আক্ৰান্ত হ’লে ৰোগীয়ে যাতে চিকিৎসালয়ৰ বিচনাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নহয় তাৰবাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক সমীপৰ হোটেলসমূহৰ লগত চুক্তিবদ্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ সৈতে স্বাস্থ্য বিভাগৰ বৈঠক

author img

By

Published : Apr 21, 2021, 2:21 PM IST

গুৱাহাটী, 21 এপ্ৰিল : মহানগৰত ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন । বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ এইদৰে দ্ৰুতগতিত অব্যাহত থাকিলে ক'ভিড আক্ৰান্তই যাতে পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । জানিব পৰা মতে, বৈঠকখনত মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল আলোচনাত মিলিত হয় ।

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ সৈতে স্বাস্থ্য বিভাগৰ বৈঠক
মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ সৈতে স্বাস্থ্য বিভাগৰ বৈঠক

এই সভাত প্ৰধান সচিব গৰাকীয়ে ক'ভিডত আক্ৰান্ত হ’লে ৰোগীয়ে যাতে চিকিৎসালয়ৰ বিচনাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নহয় তাৰবাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক সমীপৰ হোটেলসমূহৰ লগত চুক্তিবদ্ধ কৰাৰ নিৰ্দেশ দিয়ে । এচিম্পট’মেটিক ৰোগীসমূহক হোটেল সমূহলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি প্ৰধান সচিব গৰাকীয়ে ২৪ ঘণ্টাৰ ভিতৰত হোটেলসমূহত উপলব্ধ বিচনা, কোঠা আদিৰ সকলো তথ্য জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় । এই সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰাকে ধৰি যথেষ্ট সংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত ক'ভিড ৰোগীৰ ক্ষেত্রত বিচনাৰ অভাৱ হোৱাৰ আশংকাই দেখা দিয়ে । যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হোটেলত ৰোগী ৰখাৰ ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক : ক’ভিডৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ বিশ্বনাথ প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.