ৰঙিয়া, 20 জানুৱাৰী : কয়লাৰ ৰপ্তানি বন্ধ হৈ পৰিছে সমগ্ৰ অসমত । মেঘালয় চৰকাৰে ততাতৈয়াকৈ বন্ধ কৰি দিছে কয়লাৰ ৰপ্তানি (Halt in coal exports across Assam)। যোৱা ১৩ জানুৱাৰীত Directorate of mineral resources বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক জাননী অনুসৰি আগলৈ নতুন জাননী নোপোৱালৈকে মেঘালয়ৰ পৰা কয়লাৰ ৰপ্তানি বন্ধ থাকিব । আনহাতে ৰে’ল বিভাগৰ অধীনত কয়লাৰ ৰে'ল ৰপ্তানি বন্ধ কৰিবলৈও ৰে’ল বিভাগলৈ সুকীয়াকৈ জাননী প্ৰেৰণ কৰিছে Directorate of mineral resources বিভাগে ।
বিষয়টো সন্দৰ্ভত ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকে সাংবাদিকক জনোৱা অনুসৰি মেঘালয়স্থিত Directorate of mineral resources বিভাগৰ তৰফৰ পৰা ৰেলৰ মুখ্য কাৰ্যালয়ক এক জাননী যোগে জনোৱা হৈছিল যে মেঘালয়ৰ কয়লা ৰপ্তানিৰ বাবে যি সমুহ NOC বা Certificate জাৰি কৰা হৈছিল , সেই সকলোবোৰে ১৩ জানুৱাৰী ২০২৩ ৰ পৰা তাৎক্ষণিকভাৱে ৰদ কৰা হৈছে (Coal exports across Assam from January 13)।
আনহাতে মেঘালয়ৰ পৰা হঠাৎ এনেদৰে কয়লাৰ ৰপ্তানি বন্ধৰ কাৰণ জানিব বিচৰাত ৰে’ল বিভাগৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধক বিজয় কুমাৰ শ্ৰীবাস্তৱে এই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে । আনহাতে আগন্তুক জাননী জাৰি নোহোৱা পৰ্য্যন্ত মেঘালয়ৰ পৰা কয়লাৰ ৰপ্তানি বন্ধ হৈ থাকিব বুলি ৰেল বিভাগৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।ইফালে কেইবা দশক ধৰি মেঘালয়ৰ পৰা ৰপ্তানি হৈ থকা কয়লা হঠাৎ বন্ধ হৈ যোৱাৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে সমগ্ৰ অসমত ।
মেঘালয় চৰকাৰে কয়লা ৰপ্তানি কৰাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ ফলত সমগ্ৰ অসমত কয়লাৰ নাটনি হোৱা পৰিলক্ষিত হৈছে । মেঘালয়ৰ পৰা অহা কয়লা অসমৰ মাজেৰে দেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয় যদিও বৰ্তমান সেই ৰপ্তানিও বন্ধ হৈ আছে । বিশেষকৈ ৰঙিয়া , চাংসাৰীকে ধৰি অসমৰ কেইবাঠাইৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ৰেলৰ কয়লা ৰপ্তানি কৰা হৈছিল ।
বৰ্তমান সম্পূৰ্ণ উদ্যোগটো বন্ধ হৈ থকাৰ ফলত যথেষ্ট পৰিমাণে লোকচান হোৱাৰ লগতে বহুলোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে । বন্ধ হৈ থকা সময়খিনিত ইতিমধ্যে কেইবা কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে উদ্যোগটো । আনহাতে পৰৱৰ্তী সময়ত কেতিয়া পুনৰ কয়লাৰ ৰপ্তানি আৰম্ভ হব সেয়াও সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত ।
লগতে পঢ়ক: Worlds oldest person: বিশ্বযুদ্ধ আৰু কৰ’ণাক প্ৰতিহত কৰি শতিকা গৰকা এগৰাকী আইতা