হাজো, 9 জানুৱাৰীঃ তীৰ্থনগৰী হাজোত প্ৰশাসনক অংগুষ্ঠ দেখুৱাই দীৰ্ঘদিনৰ পৰা চলি আহিছিল সুৰা, ড্ৰাগছ, জুৱা, তীৰ আদিৰ ব্যৱসায় ৷ ফলত তীৰ্থযাত্ৰীৰ লগতে স্থানীয় ৰাইজে সন্মুখীন হ’বলগীয়া হৈছিল বিভিন্ন সমস্যাৰ ৷ কিন্তু বৃহস্পতিবাৰে একাংশ সচেতন ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহে ৷
হয়গ্ৰীৱ সেনাৰ উদ্যোগত বিভিন্ন দল-সংগঠন তথা মহিলাসকলে এক সমদলৰ জৰিয়তে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাজো মাধৱ মন্দিৰৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উলিওৱা সমদলটোত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-প্লে কাৰ্ড লৈ অবৈধ কাৰ্যকলাপ সমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে হাজো চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
লগতে চাওকঃচৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা