ETV Bharat / state

পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2020, 5:03 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷ বি.এডৰ চূডান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 30 ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবী শিক্ষাৰ্থীৰ ৷

Guwahati University B.ed Students protest, protesters deamn announce the final year result
পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

গুৱাহাটী, 3 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিএডৰ চূডান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এচাইনমেন্ট বেছ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে 30 ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীৰে শিক্ষাৰ্থীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰিৰ আবেদনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ । ইফালে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে প্ৰতিবাদী শিক্ষাৰ্থী সকলক সাক্ষাৎ নকৰাকলৈ এই প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিক্ষাৰ্থী সকলে উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি উক্ত বিষয় সন্দৰ্ভত অবগত কৰিছিল । সেই সময়ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে বিষয়টো সন্দৰ্ভত উপাচাৰ্যৰে আলোচনা কৰি দুদিনৰ ভিতৰত শিক্ষাৰ্থী সকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু সময় উকলি যোৱাৰ পিচত কোনো ধৰণৰ উত্তৰ নাপাই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে ।

লগতে পঢ়ক : নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.