ETV Bharat / state

Ramadan 2023: ৰমজান উপলক্ষে সু-স্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ

সমগ্ৰ বিশ্বজুৰি পালন ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিছে ৰমজান মাহ (Ramadan 2023)৷ প্ৰতিবছৰৰ দৰে ৰমজান মাহৰ উপলক্ষে মহানগৰীত উপস্থিত হৈছে লক্ষ্ণৌৰ মদিনা চুইট হাউছ (Guwahati market is flooded with delicious food)।

Guwahati market is flooded with delicious food items on the occasion of Ramadan
ৰমজান উপলক্ষে সু-স্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ
author img

By

Published : Mar 25, 2023, 11:01 PM IST

ৰমজান উপলক্ষে সু-স্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ

গুৱাহাটী, ২৫ মাৰ্চ: ইছলাম ধৰ্মালম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ হৈছে এই ৰমজান মাহ (Ramadan 2023)৷ এই মাহটোত দিনটো অনাহাৰে থাকি ৰোজা পালন কৰে প্ৰতিগৰাকী ইছলামধৰ্মী লোকে (Market is flooded with delicious food)। শুকুৰবাৰে কাঁচিজোন দেখাৰ পিচতেই ইছলাম ধৰ্মীয় লোকসকলৰ মাজত ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হৈছিল ৷ ৰমজান মাহৰ উপলক্ষে সু-স্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ (Guwahati market is flooded with delicious food) ৷

খেজুৰ, ছেৱৈৰ লগতে ফল-মূলেৰে ভৰি পৰিছে বজাৰ । অৱশ্যে ইয়াৰ সমান্তৰালকৈ ফল-মূলৰ মূল্যও বৃদ্ধি পাইছে । ইপিনে ৰমজানাৰ সময়ত লক্ষ্ণৌৰ বিখ্যাত হালোৱা আৰু মোগলাই পৰাঠা সোৱাদ দিবলৈ মহানগৰীত উপস্থিত হৈছে লক্ষ্ণৌৰ মদিনা চুইট হাউছ । বিগত ১০ বছৰ ধৰি ৰমজানৰ সময়ত মহানগৰীৰ হালোৱা, মোগলাই পৰাঠা, চিকেন বিৰিয়ানীকে ধৰি বিভিন্ন প্ৰকাৰৰ মিঠাই বিক্ৰী কৰি আহিছে লক্ষ্ণৌৰ মদিনা চুইট হাউছে ।

প্ৰতি বছৰে মহানগৰীৰ মাছখোৱাত বিপনী দি গ্ৰাহকৰ লক্ষ্ণৌৰ খাদ্যৰ জুতি দি আহিছে বিপনীখনে । প্ৰতি বছৰৰ দৰে এইবাৰো মাছখোৱাত দুখনকৈ বিপনী দিছে মদিনা চুইট হাউছে। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত পৰা গ্ৰাহকে ভিৰ কৰেহি এই বিপনীখনত ৷ ৰমজান উপলক্ষে বিৰিয়ানী, চিকেন মাছালা, চিকেন ফ্ৰাই, মোগলাই পৰঠা , গাজৰৰ হালোৱা, গোমৰ হালোৱা, চুজিৰ হালোৱা, গোলাপ জামুসহ মুঠ ২০ বিধ সুস্বাদু খাদ্য সামগ্ৰী লৈ ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰা বিপনী দুখনে গ্ৰাহকৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰিছে বুলি সদৰী কৰে ৷ এই বিপনীখনত পুৱা ৬ বজাৰ পৰা প্ৰায় ১২-১৫ জন কৰ্মীয়ে সুস্বাদু খাদ্য প্ৰস্তুত কৰি দিনৰ ১২ বজাৰ পৰা বিক্ৰী কৰে ৷

এই পবিত্ৰ ৰমজান মাহত পুৱতি নিশা চেহেৰি খোৱাৰ পিছতে ৰমজানৰ ৰোজা ৰাখে ইছলামধৰ্মী লোকসকলে ।

লগতে পঢ়ক: Eviction drive at Silsako: শিলসাঁকোৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত মম জ্বলাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.