ৰঙিয়া,31 অক্টোবৰ : ৰঙিয়াত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা ৷ দুৰ্বৃত্তই গুলীয়ালে গাড়ীচালকক। গুৰুতৰভাৱে আহত গাড়ীৰ চালকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
ঘটনা অনুসৰি,গুৱাহাটী মহানগৰৰ গোটানগৰ নিৱাসী দীপক দাসে নিজ চুইফট্ ডিজায়াৰ বাহনেৰে ৰঙিয়াৰ তিনিআলিত থকা শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাত বাইহাটা চাৰিআলিত দুজন যুৱকে তেওঁৰ গাড়ীখন ৰখায় । যুৱক দুজনৰ এজন যুৱকৰ গৰ্ভৱতী পত্নী অসুস্থ বুলি কৈ গাড়ীখনত উঠি ৰঙিয়ালৈ যাব বিচাৰে। মানৱীয়তাৰ খাতিৰত দীপক দাসে যুৱক দুজনক ৰঙিয়ালৈ লৈ যায় । ৰঙিয়াৰ হাইৱে’ চ’কত যুৱক দুজনক নমাই দিব বিচৰাত নিশা হোৱাৰ বাবে ঘৰলৈ যোৱাৰ কোনো বাহন নাপাব বুলি সুযোগ উলিয়াই দুয়োজনকে হাইৱে’ চ’কত নমাই দিবলৈ অনুৰোধ কৰে ।
যুৱক দুজনৰ অনুৰোধ ৰক্ষা কৰি হাইৱে’ চ’কৰ কেকুৰিত নমাই দিব বিচৰা অৱস্থাতে দাসক পিছফালৰ পৰা পিষ্টল টোৱাই তেওঁলোকৰ নিৰ্দেশ মতে যাবলৈ ভাবুকি দিয়ে । সেই মতে ৰঙিয়াৰ দহৰা পাৰ হোৱাৰ পাচত জামৰ তলত যুৱক দুজনে গাড়ীখন ৰখায় । লগে লগে যুৱক দুজনে দাসৰ পৰা গাড়ীখনৰ চাবি বিচাৰে । চাবি দিবলৈ অমান্তি হোৱাত এজন যুৱকে দাসক পিষ্টলেৰে ডিঙিত গুলীয়াই দিয়ে । কিন্তু দাসে কোনোমতে পলাবলৈ সক্ষম হয় । ৰিম’টযুক্ত চাবি হোৱা বাবে দুৰ্বৃত্তই গাড়ীখন চুৰি কৰাত ব্যৰ্থ হয় ।
![Guwahati man shooted in Rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-31oct-801-to-802-photo-firing-bandana-sarma-asc10045_31102020101837_3110f_1604119717_360.jpg)
আহত দীপক দাসক প্ৰথমে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তেওঁক গুৱাহাটীৰ আয়ুষচন্দ্ৰা হাস্পতললৈ লৈ যোৱা হয় । ইফালে ৰঙিয়া আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অৱশ্যে এতিয়াও অপৰাধীৰ শুং-সূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় একতা দিৱসত চৰ্দাৰ বল্লভ ভাই পেটেলক স্মৰণ