ETV Bharat / state

গুৱাহাটীৰ খানাপাৰাত কৃষক সমাৰোহ - undefined

মহানগীৰৰ খানাপাৰাত কৃষি উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ উদ্যোগত কৃষক সমাৰোহ ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা ৷

গুৱাহাটীৰ খানাপাৰাত কৃষক সমাৰোহ
author img

By

Published : Oct 29, 2019, 11:15 PM IST

গুৱাহাটী,29 অক্টোবৰ: "মই কৃষকৰ সন্তান ৷ সৰুতে পথাৰত হাল বাইছিলো, কঠিয়া ৰুইছিলো, পথাৰত আলি দিছিলোঁ, কান্ধত ভাৰ লৈ ধান কাটি ঘৰলৈ আনিছিলোঁ । গতিকে কৃষকৰ কথা মই ভালকৈয়ে বুজি পাঁও ।" মঙলবাৰে মহানগৰীৰ খানাপাৰাত কৃষি উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক সমাৰোহত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ কৃষি সমাৰোহ অনুষ্ঠানটোত জয় জোৱান জয় কিচান , জয় বিজ্ঞান শ্ল'গানেৰে ভাষনৰ আৰম্ভণি কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন প্ৰজন্মক উদ্দেশ্যি কয় যে, "আমি প্ৰতিজন একো একোজন কৃষকৰ সন্তান । আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক চিন্তাৰে আমি নতুন প্ৰজন্মই খেতি কৰি ৰাজ্যৰ উৎপাদন দুগুণ বৃদ্ধি কৰিব লাগিব । গুজৰাটৰ মাটি মৰুভূমি সদৃশ হোৱাৰ পিছতো তাৰ কৃষকে যদি উৎপাদন বৃদ্ধি কৰিব পাৰিছে, তেনেস্থলত অসমৰ কৃষি মাটিৰ গুণাগুণ ভাল হোৱাৰ পিছতো আমি অন্য ৰাজ্যতকৈ পিছপৰি থকাটো দুৰ্ভাগ্যজনক । আনহাতে লগতে কৃষি বিষয়াসকলৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ কৃষি বিষয়াসকললৈ সকিয়নী প্ৰদান কৰি কয় যে, " কৃষিবিষয়াসকলৰ দ্বাৰা কৃষকসকলে হাৰাশাস্তি ভুগি থকাতো কোনোমতে সহ্য কৰা নহ'ব ।" লগতে কৃষকবিষয়াসকলক পথাৰলৈ গৈ কৃষকক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে "দুই সন্তান নীতি" সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট মত, "আমি যি নীতি লৈছোঁ, সেই নীতি প্ৰযোজ্য হ'বই, কোনো কথা আপোচ কৰা নহ'ব।"

মই কৃষকৰ সন্তান ৷ সৰুতে পথাৰত হাল বাইছিলো

ইফালে কৃষি সমাৰোহত উপস্থিত থকা কৃষি মন্ত্ৰী অতুল বৰাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কয় যে,"বিগত তিনিটা বছৰত কৃষি ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে বহু কেইটা আঁচনি লোৱা হৈছে । যাৰ জৰিয়তে আজি ৰাজ্যৰ কৃষক সকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধি হৈছে । বিগত চৰকাৰৰ সময়ত ল'ব লগা বহু পদক্ষেপ নোলোৱাৰ বাবে ৰাজ্যৰ কৃষক সকল আৰ্থিক ভাবে জুৰুলা হৈ পৰিছিল । কিন্তু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ কৃষিখণ্ডৰ উৎপাদন দুগুণ কৰাৰ যি সপোন, সেই সপোনক সফল কৰিম ।"

উল্লেখ্য যে মহানগৰীৰ খানাপাৰাত কৃষি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক সমাৰোহত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা , বিধায়ক সত্যব্ৰত কলিতা আৰু কেবাগৰাকীও বিধায়ক উপস্থিত থাকে । ইয়াৰোপৰি এই কৃষক সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক সকলৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত কৃষকৰ মাজত পাৱাৰ টিলাৰ, ৰাইচ মিল , সৌৰ শক্তি চালিত পাম্প আদি কৃষি সঁজুলি বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটীৰ খানাপাৰাত কৃষক সমাৰোহ

লক্ষ্যণীয় যে, নিজকে কৃষকৰ সন্তান বুলি কোৱা, কৃষকৰ দুখ বুজা বুলি দাবী কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে বৰ্তমান ৰাজ্যৰ বহু অঞ্চলত শেহতীয়া বানৰ বাবে কৃষকৰ পকা ধানৰ কৃষি ভূমি বৰ্তমান পানীৰ তলত ৷ কাতিমাহত হোৱা বানৰ বাবে অসমৰ বহু অঞ্চলৰ কৃষকে ৰবি শস্য খেতি কৰিবলৈ সমৰ্থ নোহোৱাৰ লগতে বানৰ বাবে বহু অঞ্চলৰ কৃষকৰ ধ্বংস হ'ল ৰবি শস্য ৷ আনকি বিগত বছৰত চাৰিবাৰকৈ বান অহাৰ বাবে ৰাজ্যৰ বহু অঞ্চলৰ কৃষকে খেতি কৰিবলৈ সমৰ্থ নহ'ল ৷ গতিকে এতিয়া প্ৰশ্ন হয় কৃষকক সহমৰ্মিতা দেখুওৱা মুখ্যমন্ত্ৰী সোণোৱালে কৃষকে সন্মুখীন হোৱা প্ৰধান সমস্যা বান সমস্যাৰ স্থায়ী সমাধান দিব পাৰিবনে ? নিজকে কৃষকৰ সন্তান বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এইসকলক কৃষকক দিবনে কৃষিৰ ক্ষতিপূৰণ আৰু সাহায্য !

Intro:
মহানগৰী খানাপাৰাত কৃষি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত কৃষক সমাৰোহ । মুখ্য অতিথি হিচাপে উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,কৃষি মন্ত্ৰী অতুল বৰা , বিধায়ক সত্যব্ৰত কলিতা লগতে কেবাগৰাকীও বিধায়ক উপস্থিত । এই কৃষক সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক সকলৰ লগতে বিভিন্ন আত্ম সহায় গোটৰ সদস্য সকল উপস্থিত । আনহাতে এই অনুষ্ঠানতে
মুখ্যমন্ত্ৰীয়ে কৃষকৰ মাজত বিতৰন কৰিলে পাৱাৰ টিলাৰ,ৰাইচ মিল। সৌৰ শক্তি চালিত পাম্পচেটো বিতৰন কৰিলে মুখ্যমন্ত্ৰীয়ে।

Body:অতুল বৰাৰ --
বিগত তিনিটা বছৰত কৃষি ক্ষেত্ৰত মুখ্যমন্ত্ৰী পৰামৰ্শ মৰ্মে বহু কেইটা আঁচনি লোৱা হৈছে । যাৰ জৰিয়তে আজি ৰাজ্যৰ কৃষক সকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধি হৈছে । বিগত চৰকাৰৰ সময়ত লব লগা বহু পদক্ষেপ নোলোৱা বাবে ৰাজ্য কৃষ সকল আৰ্থিক ভাবে জুৰুলা হৈ পৰিছিল । কিন্তু মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোন কৃষকৰ এই দুগুন কৰা সেই সপোন আমি সফল কৰিম । আনহাতে মন্ত্ৰী গৰাকীৰ ভাষণত কৃষি বিষয়া আৰু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতি অসন্তুষ্টি প্ৰশাক ।
Conclusion:মুখ্যমন্ত্ৰী ---
ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ মুখত শ্লোগান জয় যাবান , জয় কিচান , জয় বিজ্ঞান । আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক ধৰণৰে খেতি কৰি ৰাজ্যৰ উৎপাদন দুগুন কৰিব লাগিব । কৃষক সমাৰোহত শৈশৱৰ স্মৃতি সোৱৰিলে মুখ্যমন্ত্ৰীয়ে।'মই কৃষকৰ সন্তান, সৰুতে পথাৰত হাল বাইছিলো,কঠিয়া ৰুইছিলো,পথাৰত আলি দিছিলোঁ, কান্ধত ভাৰ লৈ ধান কাটি ঘৰলৈ আনিছিলোঁ।গতিকে কৃষকৰ কথা ভালকৈ বুজি পাও।
* আমি প্ৰতিজন একো একোজন কৃষকৰ সন্তান।আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক ধৰনে আমি নতুন প্ৰজন্মই খেতি কৰি ৰাজ্যৰ উৎপাদন দুগুণ কৰিব লাগিব।
• গুজৰাটৰ মাটি মৰুভূমি সদৃশ।তাৰ কৃষকে যদি উৎপাদন বৃদ্ধি কৰিব পাৰিছে, অসমৰ কৃষকে মাটিৰ গুনাগুন ভাল হোৱাৰ পিছতো আমি অন্য ৰাজ্যতকৈ পিছপৰি থকাটো দুৰ্ভাগ্যজনক।
• কৃষকক হাৰাশাস্তি কৰিলে সহ্য কৰা নহব।কৃষি বিষয়াক সকিয়নি মুখ্যমন্ত্ৰীৰ। পথাৰলৈ গৈ কৃষকক সহায় কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
• আনহাতে ২ জনসংখ্যা নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।আমি যি নীতি লৈছোঁ, সেই নীতি প্ৰযোজ্য হবই, কোনো কথা আপোচ কৰা নহব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.