ETV Bharat / state

ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদ - ছয়গাঁৱৰ শান্তিপুৰ

নৱ গঠিত গাৰো উন্নয়ন পৰিষদক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । গাৰো উন্নয়ন পৰিষদৰ বিৰোধিতা কৰাৰ লগতে গাৰো স্বায়ত্ব শাসিত পৰিষদৰ গঠনৰ দাবী জনাই বুধবাৰে ছয়গাঁৱৰ শান্তিপুৰত প্ৰতিবাদ সাব্যস্ত কৰে গাৰো জাতীয় পৰিষদে ।

ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Feb 10, 2021, 10:12 PM IST

বকো, ১০ ফেব্ৰুৱাৰী: গাৰো স্বায়ত্ব শাসিত পৰিষদৰ গঠনৰ দাবীত বুধবাৰে গাৰো জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ছয়গাঁৱৰ শান্তিপুৰত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । লগতে গাৰো উন্নয়ন পৰিষদৰো বিৰোধিতা কৰে । যোৱা ২৮ জানুৱাৰীত বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে গাৰো জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰিছিল । এলেক্স কে চাংমাক চেয়াৰমেনৰ দায়িত্ব অৰ্পণ কৰি ২৫ জনীয়া উন্নয়ন পৰিষদ গঠন কৰা হৈছিল ।

এই পৰিষদ গঠনৰ পিছতে জাঙুৰ খাই উঠিছে গাৰো জাতীয় পৰিষদ । গাৰো জনগোষ্ঠীৰ প্ৰভাৱশালী সংগঠন গাৰো জাতীয় পৰিষদে গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনায় । এই দাবীৰ সমৰ্থনত বুধবাৰে ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । গাৰো উন্নয়ন পৰিষদক সমৰ্থন কৰা এলেক্স কে চাংমা, থিংগুল চাংমা আৰু ক্ৰ'চবেল মাৰাকৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ।

শীঘ্ৰে গাৰো উন্নয়ন পৰিষদৰ বিপৰীতে গাৰো স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰিবলৈ দাবী জনাইছে গাৰো জাতীয় পৰিষদৰ নেতৃত্বই । স্বায়ত্ব শাসনৰ জড়িয়তে গাৰো জনগোষ্ঠীৰ স্বকীয়তা, পৰম্পৰা ৰক্ষা কৰিব পৰা যাব বুলি গাৰো জাতীয় পৰিষদৰ নেতৃত্বই মন্তব্য কৰে । লগতে গাৰো জাতীয় পৰিষদৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক:ক’ভিড-19ত আক্ৰান্ত চল্টব্ৰুক স্কুলৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.