দক্ষিণ কামৰূপ,29 ছেপ্টেম্বৰঃ :অনিৰ্দিষ্ট কাললৈ গুৱাহাটী-ঢাকাৰ বিমানসেৱা বন্ধ ঘোষণা উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ৷ স্পাইছজেট কৰ্তৃপক্ষই তেওঁলোকৰ বিমান উৰণত কিছু অপাৰেচনেল আসোঁৱাহ থকাৰ বাবে বিমানসেৱা বন্ধ ৰখা বুলি জনালে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দালে । উল্লেখ্য যে, স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰা প্ৰথমখন আকাশীযান বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা ১ জুলাইত শুভাৰম্ভণি কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰাত স্পাইছজেটে ৭৮ খন আসনযুক্ত দুখন বিমান উৰণ আঁচনিৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিছিল । সপ্তাহত দৈনিক ১১:৫৫ বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ২:১০ বজাত ঢাকাৰ দুখন বিমান চলাচল কৰি আছিল । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰণ দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰা হৈছিল আছিল যদিও কিন্তু ক্ৰমে হ্ৰাস পাইছিল যাত্ৰীৰ সংখ্যা ৷ যাৰবাবে বৰ্তমান যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'বলগীয়া হয় বিমানসেৱা । যাত্ৰীৰ অভাৱৰ বাবে এই বিমানসেৱা বন্ধ হোৱাটো নিশ্চয়কৈ অসমৰ বাবে এক দুঃখবৰ ৷
গুৱাহাটী-ঢাকা বিমানসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ - গুৱাহাটী-ঢাকাৰ বিমানসেৱা বন্ধ
অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল গুৱাহাটী-ঢাকাৰ বিমানসেৱা । যোৱা ১ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল এই বিমানসেৱা ।
দক্ষিণ কামৰূপ,29 ছেপ্টেম্বৰঃ :অনিৰ্দিষ্ট কাললৈ গুৱাহাটী-ঢাকাৰ বিমানসেৱা বন্ধ ঘোষণা উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ৷ স্পাইছজেট কৰ্তৃপক্ষই তেওঁলোকৰ বিমান উৰণত কিছু অপাৰেচনেল আসোঁৱাহ থকাৰ বাবে বিমানসেৱা বন্ধ ৰখা বুলি জনালে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দালে । উল্লেখ্য যে, স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰা প্ৰথমখন আকাশীযান বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা ১ জুলাইত শুভাৰম্ভণি কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰাত স্পাইছজেটে ৭৮ খন আসনযুক্ত দুখন বিমান উৰণ আঁচনিৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিছিল । সপ্তাহত দৈনিক ১১:৫৫ বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ২:১০ বজাত ঢাকাৰ দুখন বিমান চলাচল কৰি আছিল । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰণ দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰা হৈছিল আছিল যদিও কিন্তু ক্ৰমে হ্ৰাস পাইছিল যাত্ৰীৰ সংখ্যা ৷ যাৰবাবে বৰ্তমান যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'বলগীয়া হয় বিমানসেৱা । যাত্ৰীৰ অভাৱৰ বাবে এই বিমানসেৱা বন্ধ হোৱাটো নিশ্চয়কৈ অসমৰ বাবে এক দুঃখবৰ ৷
Body:Vo..এয়া বৰঝাৰ বিমানবন্দৰৰ দৃশ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ফ্লেগঅফ কৰিছে গুৱাহাটী-ঢাকাৰ আন্তৰাষ্ট্ৰীয় বিমানসেৱা । কিন্তু বন্ধ হ'ল গুৱাহাটী-ঢাকাৰ বিমানসেৱা । ষ্পাইছজেটে আগবঢ়োৱা বিমানসেৱা বৰ্তমান বন্ধ হৈ ৰ'ল । যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'ল এই বিমানসেৱা ।
PTC
স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰা প্ৰথমখন আকাশীযানখন বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা ১ জুলাইত ফ্লেগঅফ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই ফ্লেগঅফ অনুস্থানত উপস্থিত আছিল পৰিবহন,উদ্যোগ আৰু বাণ্যিজিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,মন্ত্ৰী ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড° চাহ মহম্মদ টনভিৰ মনচুৰ,লগতে স্পাইছজেট আৰু Airport Authorityৰ বহু বিশিষ্ট ব্যক্তি ।
গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰাত স্পাইছজেটে ৭৮ খন আসনযুক্ত দুখন বিমান ওড়ান আচনিৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিছিল ।সপ্তাহত দৈনিক ১১:৫৫ত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ২:১০ত ঢাকাৰ দুখন বিমান চলাচল কৰি আছিল । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰন দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশাবাদী আছিল সকলো কিন্তু ক্ৰমে হ্ৰাস পাইছিল যাত্ৰীৰ সংখ্যা যাৰবাবে বৰ্তমান যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'বলগীয়া হয় বিমানসেৱা । যোৱা ১জুলাইত শুভাৰম্ভ হোৱা এই আন্তৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ হোৱাৰ ফলত একাংশ যাত্ৰীক বৰ্তমান বিমোৰত পেলাইছে । আনহাতে এই সন্দৰ্ভত মন্তব্য আগবঢ়ালে নিজৰ সমষ্টিত বিধায়কে ।
Bite1..MLA
লগতে এই বিমানসেৱা অনিৰ্দিষ্টকাললৈ বন্ধ হোৱাৰ কথা জনালে উত্তৰ-পুৰ্বাঞ্চলৰ Airport Authorityৰ ভাৰপ্ৰাপ্ত বিষয়াই । ষ্পাইছজেট কৰ্তৃপক্ষই তেওলোকৰ operationত কিছু আসোৱাহ থকাৰ বাবে বিমানসেৱা বন্ধ ৰখা বুলি জনালে উত্তৰ-পুৰ্বাঞ্চলৰ Airport Authorityৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দালে ।
Bite2..RED
Conclusion:আনহাতে যদি লোকে এই বিমানসেৱাৰ টিকত বুক কৰিছিল তেওলোকক কৰ্তৃপক্ষই কলকাতাৰ পৰা ঢাকালৈ লৈ যাব । যাত্ৰীৰ অভাৱৰ বাবে এই বিমানসেৱা বন্ধ হোৱা বাবে নিশ্চয়কৈ এয়া কিছু দুখবৰ অসমৰ বাবে ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
(If possible please make a package)